শিক্ষা বিভাগৰ সকলো খালী পদ এবছৰৰ ভিতৰত পূৰণ কৰা হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

pc- Facebook

শিক্ষা বিভাগৰ সকলো খালী পদ এবছৰৰ ভিতৰত পূৰণ কৰা হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

অনলাইন বাৰ্ত্তাসেৱা-  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে যে মহাবিদ্যালয়সমূহত খালী হৈ থকা পদ সমূহ শীঘ্ৰে পূৰণ কৰা হ’ব। লগতে ঘোষণা কৰে যে ১০০০ শিক্ষক পদ পূৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কলেজ শিক্ষকৰ খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে বিশেষ তৎপৰতা আৰম্ভ কৰি ১০ দিনৰ ভিতৰত ১৫০গৰাকী কলেজ শিক্ষকক নিযুক্তি দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। উচ্চতৰ মাধ্যমিকৰ খালী শিক্ষকৰ পদ পূৰণৰ বাবেও বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। অহা এবছৰৰ ভিতৰত সকলো খালী পদ পূৰণ কৰা হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। সেইমৰ্মে ৰাজ্যত বিভিন্ন সংগঠনৰ সৈতে শিক্ষা বিভাগে আলোচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ গ্ৰহণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰাৰ পাছত কাহিলিপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৈতে এক আলোচনাত মিলিত হয় শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগ।