দক্ষতা নিযুক্তি আৰু উদ্যমিতা বিভাগ, পৰিবহণ বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চাৰিটা পৃথক প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

pc Facebook
দক্ষতা নিযুক্তি আৰু উদ্যমিতা বিভাগ, পৰিবহণ বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চাৰিটা পৃথক প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক কাৰ্যসূচীত দক্ষতা নিযুক্তি আৰু উদ্যমিতা বিভাগ, পৰিবহণ বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চাৰিটা পৃথক প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে –
• মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ অনলাইন পঞ্জীয়নৰ বাবে এটা প’ৰ্টেল মুকলি কৰে, যিয়ে নিবনুৱা যুৱক-যুৱতীসকলক আধাৰৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্ৰসমূহ পৰিদৰ্শন নকৰাকৈ সুচাৰুৰূপে নিজৰ নাম পঞ্জীয়ন কৰাত সহায় কৰিব। আধাৰহীন চাকৰি প্ৰাৰ্থীসকলে ৩১ মাৰ্চ, ২০২২লৈকে নিয়োগ বিনিময় কেন্দ্ৰত অফলাইন পদ্ধতিৰে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
• যাত্ৰীসকলৰ ভ্ৰমণৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীয়ে মাজুলী-যোৰহাট ফেৰী সেৱাৰ বাবে ই-টিকেটিং প্ৰক্ৰিয়া মুকলি কৰে। এমট্ৰনৰ দ্বাৰা বিকশিত এণ্ড্ৰইড আধাৰিত প’ৰ্টেলটো ৰাজ্যৰ অন্যান্য মুখ্য ফেৰী পথসমূহতো পৰ্যায়ক্ৰমে প্ৰযোজ্য হ’ব।
• ক’ভিডৰ সময়ত জীৱিকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আন্তঃজিলা বাছ সেৱাত নিয়োজিত লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ অৰ্থে মুখ্যমন্ত্ৰীয়ে আন্তঃজিলা বাছচালক, কণ্ডাক্টৰ আৰু হেণ্ডিমেনসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ক’ভিড সাহায্য আঁচনিও মুকলি কৰে। তেওঁ এই সন্দৰ্ভত এটা অনলাইন প’ৰ্টেলো মুকলি কৰে।
• অসমৰ বাঁহক কেন্দ্ৰ কৰি গঢ়ি উঠা কুটীৰ উদ্যোগসমূহৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰীজনাই আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ এই কুটীৰ শিল্পটোৰ সৈতে জড়িত শিল্পীক সা-সঁজুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ মুঠ ৭৭২গৰাকী শিল্পীক এই সা-সঁজুলি প্ৰদান কৰা হ’ব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে ৰাজ্যৰ কল্যাণাৰ্থে মাননীয় প্ৰধানমন্ত্ৰীৰ “Minimum Government – Maximum Governance”ৰ আদৰ্শৰ দ্বাৰা নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। নিবনুৱাসকলৰ বাবে অনলাইন পঞ্জীয়ন প’ৰ্টেল প্ৰৱৰ্তনৰ ফলত যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তোলাৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰসমূহে এতিয়া সুকলমে কাম-কাজসমূহ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষতা বিভাগক ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে অহা ছমাহৰ ভিতৰত এটা উপযুক্ত চাকৰি প’ৰ্টেল বিকশিত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগক আগন্তুক দুৰ্গা পূজাৰ আগতে ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ জাৰি কৰাৰ বাবে অনলাইন সেৱা আৰম্ভ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।
অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য, পৰিবহণ আৰু দক্ষতা নিযুক্তি আৰু উদ্যমিতা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব শ্ৰী কে কে দ্বিবেদী, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰীসুভাষ দাস আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।