শিক্ষা বিভাগত আন এক জালিয়াতি

Pc- Assam government job

শিক্ষা বিভাগত আন এক জালিয়াতি

ৰঙিলী বাৰ্ত্তাসেৱা- যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে নিবনুৱাই হাবাথুৰি খাব লগা হৈছে,  তেনে সময়তে একাংশ শিক্ষকে দুটাকৈ চাকৰিৰ দৰমহা আদায় কৰি চৰকাৰী ৰাজকোষত চলাইছে লুণ্ঠন। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০১০ চনতে ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি পোৱা ৪.৯৭০জন শিক্ষকৰ ৭৪জন শিক্ষকে দুটাকৈ চাকৰিৰ দৰমহা আদায় কৰি আছে।২০১০ চনতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰায় ৮,৫০০জন যুৱক-যুৱতীয়ে ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত সেইসকলৰ ৪,৯৭০ জনহে শিক্ষকতা অব্যাহত ৰাখে।শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা আগষ্ট মাহত বিভাগে সকলো ঠিকাভিত্তিক শিক্ষকৰ দৰমহা একে সময়তে বেংকৰ জৰিয়তে আদায় দিয়াৰ সময়তে ৭৪জন শিক্ষকৰ বেংক একাউণ্টত দুটাকৈ কোষাগাৰৰ পৰা পৃথকে দুটা দৰমহা জমা হোৱাটো ধৰা পৰিছে। প্ৰাথমিক অনুসন্ধানত এই ৭৪জন শিক্ষকে ঠিকাভিত্তিক শিক্ষকতা কৰি থকাৰ সময়তে আন বিভাগত চাকৰিৰ নিযুক্তি হৈছে সূত্ৰটোৱে প্ৰকাশ কৰে।ঠিকাভিত্তিক শিক্ষকৰ ৭৪ গৰাকী শিক্ষকে বিগত সময়ছোৱাত অসম লোকসেৱা আয়োগৰ অধীনত বিভিন্ন বিভাগত চাকৰি লাভ কৰাৰ লগতে বহুকেইজন টেট শিক্ষক হিচাপে আৰু একাংশই জলসিঞ্চন বিভাগত চাকৰিত নিযুক্তি হৈছে বুলি সূত্রটোৱে প্রকাশ কৰিছে।কিন্তু এইসকল শিক্ষকে নতুন চাকৰিত যোগদানৰ পাছতো ঠিকাভিত্তিক চাকৰি বিভিন্ন ধৰণে চলাই নিছে। তদুপৰি আন একাংশ ঠিকাভিত্তিক চাকৰি বাদ দিছে যদিও চাকৰিৰ পৰা অব্যাহতি লোৱাৰ কোনো পত্ৰ বিভাগক দাখিল কৰা নাই। ফলত বিভাগৰ দ্বাৰা এইসকল শিক্ষকৰ বিপৰীতে আদায় দিয়া হৈছে দৰমহা।শিক্ষা বিভাগ দৰমহাক লৈ উন্মোচিত হোৱা এনে জালিয়াতিক লৈ তৎপৰ হৈ পৰিছে।৭৪জন শিক্ষকে আন চাকৰিত যোগদান কৰাৰ পাছতো কিয় এইসকলৰ বিপৰীতে শিক্ষা বিভাগৰ দৰমহা মোকলাই দিয়া হ’ল, সেই সন্দৰ্ভত বিভাগে বিদ্যালয় পৰিদৰ্শকসকললৈ জাননী প্ৰেৰণ কৰি সাত দিনৰ ভিতৰত বিষয়টো সন্দৰ্ভত বিস্তৃত তথ্য দাখিলৰ নিৰ্দেশ দিছে।