দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় পতন

Pc- Outlook india

দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় পতন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশীয় শ্বেয়াৰ বজাৰত ছেনছেক্সৰ ঊর্ধ্বগামিতাই নতুন নতুন অভিলেখ গঢ়ি থাকোতেই দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয়ভাবে পতন ঘটে। ২০২১ চনৰ এপ্ৰিলৰ পাছত বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফ্‌টীৰ ক্ৰমে ১১৫৯ পইণ্ট তথা ১.৮৯ শতাংশ আৰু ৪১১ পইণ্ট তথা ১.৯৪ শতাংশ নিম্নগামী হৈছে।ছেনছেক্স ৫৯,৯৮৫ পইণ্টত আৰু নিটী ১৭,৮৫৭ পইণ্টত বজাৰ সামৰণি পৰে। শ্বেয়াৰ বজাৰৰ পতনৰ বাবে বিনিয়োগকাৰীয়ে এদিনতে ৪.৭৫ লাখ কোটি টকা হেৰুৱাবলগীয়া হয়।নেচনেল ছিকিউৰিটিছ ডিপ’জিটৰী লিমিটেড(এন এছ ডি এল)ৰ তথ্য মতে ভাৰতত বিদেশী প’ৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ৯,২৯৫.৭৮ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে।অক্টোবৰ মাহ সামৰণিৰ পৰত শ্বেয়াৰ বজাৰত অভাৱনীয় পতন দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাবনা আছে।