শিক্ষক
গুৰু সেই জন যিয়ে জীয়াই থাকিবলৈ শিকায়। নিজক নিজৰ লগত চিনাকি কৰাই দিয়ে
গঢ়ি দিয়ে হীৰাৰ নিচিনাকে তোমাক ।
পৃথিৱী খনৰ লগত খোজ দিবলৈ শিকায়।
সঁচা আৰু মিছাৰ লগত চিনাকি কৰাই দিয়ে
সদায় শুদ্ধ পথ দেখুৱাই যায়।তোমাক এজন ভাল মানুহ কৰি তোলে।সমস্যাৰ লগত যুঁজি আগবাঢ়ি যোৱা তুমি । তোমাক সিমানখিনি বুজিব পৰা কৰি তোলে । কয় তোমাক জিকিলে সকলো নহয়, হাৰি পেলাই জিকাৰ গুণ শিকায়।
গুৰু সেই জনে যিয়ে জীয়াই থাকিবলৈ শিকায় নিজক নিজৰ লগত চিনাকি কৰাই দিয়ে ।
সংযুক্তা দত্ত