“শাৰদীয় শশী” – চৈয়দা জেবীন‌ চাবীৰা শ্বাহ

pc ShareChat

“শাৰদীয় শশী”

চৈয়দা জেবীন‌ চাবীৰা শ্বাহ,
নিউয়ৰ্ক

আই অসমীৰ আকাশৰ
আন্ধাৰ নেওঁচি
আহিছা তুমি
মোৰ শাৰদীয় শশী।
নাযাবা আঁতৰি
কৰি লৰালৰি।
দিয়া উজলাই,
আভাৰে তোমাৰ,
প্ৰাণ পাই উঠক
জীৱনে আমাৰ।
বিষাদ, নিৰাশা
কৰি দিয়া দূৰ,
দুখৰ সময়ৰ
অচিৰেই পৰক ওৰ।
মোৰ মৰমী শশী,
তুমি নাযাবা গুচি।