শান্তিস্বৰূপ ভটনাগৰ বঁটা লাভ বিজ্ঞানী ড° বিনয় শইকীয়াৰ

শান্তিস্বৰূপ ভটনাগৰ বঁটা লাভ বিজ্ঞানী ড° বিনয় শইকীয়াৰ

মৃগাংক বৰুৱা, বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ জোনাকী নগৰত জন্ম গ্ৰহণ কৰা আৰু যোৰহাট NEIST অৰ্থাৎ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংস্থাৰ জেষ্ঠ বিজ্ঞানী ড° বিনয় শইকীয়াই লাভ কৰিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা।এই বঁটাৰ মূল্য ৫ লাখ।তদুপৰি ৬৫ বছৰ বয়সলৈকে মাহে ১৫ হাজাৰকৈ টকা লাভ কৰিব।আনহাতে ড° বিনয় শইকীয়াই গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় পৰা স্নাতক,গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতজোকোত্তৰ অসমত গৱেষণা কৰি বিজ্ঞানক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই আহিছিল।ইফালে এই বঁটা প্ৰাপ্ত খবৰ গোলাঘাট বাসীক আনন্দিত কৰি তোলাৰ লগতে বিশিষ্ট বিজ্ঞান জনলৈ বিভিন্নজনে সামাজিক মাধ্যমৰ জড়িয়তে শুভেচ্ছা জ্ঞাপন কৰিছে।