শব্দ – সত্যজিৎ গগৈ

pc shutterstock
শব্দ
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
সখা মোৰ,
শব্দবোৰ মোৰ বুকুত গুজি দিয়া
মই বৈভৱ বিলাসী হৈ
শব্দৰ স’তে বাস কৰোঁ
শব্দবোৰ লিৰিকি বিদাৰি চাই
মহাকালৰ বুকুত এৰি দিওঁ
যিবোৰ শব্দই
প্ৰতাৰণা কৰিব পাৰে পৃথিৱীক
সেইবোৰ শব্দৰ প্ৰয়োজন ক’ত
শব্দই যেতিয়া বুকুত ঢৌ খেলি
ধৰাৰ সততালৈ ধাৱমান হয়
সেই শব্দকহে মই অৱগাহন কৰোঁ।