শব্দ আৰু সপোন – মানসী মিশ্ৰ

PC FreePik

শব্দ আৰু সপোন

শীত ৰ ছন পৰা মাটিয়েও
সপোন দেখিব জানে
হয়তো মাটি টুকুৰা উৰ্বৰা হোৱাৰ
সপোন ,হয়তো নাঙলৰ মুঠিত ধৰি
কাৰোবাক জীয়াই ৰখাৰ সপোন,
ৰঙা কলিজাৰ কোনোবাটো চুকত
আলফুলে সাঁচি ৰখা মোৰ সপোনটোৱে
ডেউকা মেলি উৰি উৰি যায়
সৌ তাহানিতে দেখি অহা আঁহতজোপা ৰ
তললৈ ,যত ৰৈ আছে মৰমবোৰে
মোৰ বাবে দুবাহু মেলি ,যত আঁহতজোপা ৰ
কলিজাৰ ৰঙা তেজ ৰ এটি এটি কণিকা
বৈ আহিছে মোৰ হৃদয় ৰ সেই চিনাকি কোঠালৈ
আৰু ..আৰু ৰৈ আছে মোৰ বাবে শীতৰ দিনত
এবুকু মৰমৰ উত্তাপ হৈ ,হৃদয় ৰ ভাললগা শব্দ হৈ।

মানসী মিশ্ৰ