শঙ্কৰদেৱ অধ্যয়ন বিষয়ে দুৱাষাৰ -ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Wikipedia

শঙ্কৰদেৱ অধ্যয়ন বিষয়ে দুৱাষাৰ 

         শ্ৰীমন্ত  শঙ্কৰদেৱ   আৰু তেখেতৰ সৃষ্টিসমূহ ক’ত, কেনেদৰে আজিৰ প্ৰজন্মই গৱেষণা কৰিব পাৰিব তাৰ বিষয়ে দুৱাষাৰ উল্লেখ কৰিব বিচাৰিছো। মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱ   বিশ্ববিদ্যালয়ত  শঙ্কৰদেৱ   অধ্যয়ন (Sankaradeva Studies) নামৰ এটা বিভাগ আছে। ২০১৪ চনৰ পৰা এই বিভাগটোৱে  কাম আৰম্ভ কৰিছে। অসমত এই ধৰণৰ প্ৰথম বিভাগ, ইয়াত মূলতঃ সংহত এম.ফিল-পিএইচডি/পিএইচডি কাৰ্যসূচী বিভিন্ন বিষয়ত, প্ৰায়ে আন্তঃশাখা আৰু যিবোৰ ক্ষেত্ৰত শ্ৰীমন্ত  শঙ্কৰদেৱে   গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে , মধ্যযুগীয় মহান মহাপুৰুষজন, তেওঁৰ জীৱনকালৰ প্ৰতি আগ্ৰহী আৰু আবেগিক আছিল।  বিভিন্ন বিষয়ৰ ক্ষেত্ৰত গৱেষণামূলক কাম যেনে- ধৰ্ম, নৈতিকতা, ভাষা, সাহিত্য, সংগীত, পৰিবেশন কলা, চিত্ৰকলা, তুলনামূলক সাহিত্য, তুলনামূলক ধৰ্ম, দৰ্শন আৰু ভাৰত  তথা অসমৰ সাংস্কৃতিক ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি ,ভক্তি আন্দোলন, হাজিঅ’গ্ৰাফী, পুৰণি অসমীয়া সাহিত্য আৰু ভাষা, তুলনামূলক ধৰ্ম আৰু দৰ্শন, শংকৰী সংস্কৃতি, সাহিত্য, কলা (পাৰফৰ্মিং, মেটেৰিয়েল এণ্ড ফাইন আৰ্টছ), হস্তশিল্পআৰু মানৱ সভ্যতাৰ বৃদ্ধি আৰু বিকাশৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা অন্যান্য আনুষংগিক বিষয়বস্তু।   এই বিভাগটোৱে অৱশ্যে কিছুমান ক্ষেত্ৰত গুৰুতৰ গৱেষণামূলক কাৰ্যকলাপৰ জৰিয়তে মহাপুৰুষজনৰ বহুমাত্ৰিক দৰ্শন আৰু সৃষ্টিশীল সাধনা – তাত্ত্বিক আৰু প্ৰয়োগমুখী দুয়োটা দিশৰ প্ৰচাৰ আৰু উজ্জ্বল কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে,  যেনে- নাটক, কবিতা, অনুবাদ, সংগীত, পৰিবেশন কলা, বস্তুগত শিল্প, চিত্ৰকলা ইত্যাদি।

   মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱ   বিশ্ববিদ্যালয়ত  শঙ্কৰদেৱ   অধ্যয়ন (Sankaradeva Studies)ৰ পি.এইচ.ডি. পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্ৰী থকা সকলে কমেও ৫৫% নম্বৰ বা সমতুল্য গ্ৰেড পইণ্ট এভাৰেজ (জিপিএ) সৈতে উত্তীৰ্ণ হ’ব লাগে । পি.এইচ.ডি. পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন Mahapurusha Srimanta Sankaradeva Viswavidyalaya Research Admission Test (MSSVRAT) আৰু সাক্ষাৎকাৰৰ ফলাফলৰ ভিত্তিত কৰে। SLET/SET সহ UGC/CSIR-NET/ (JRF) যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে MSSVRATৰ লিখিত পৰীক্ষা দিব নালাগে। অৱশ্যে তেওঁলোকে Viva-voce পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। সবিশেষ তথ্য জানিবৰ বাবে আগ্রহীসকলে বিশ্ববিদ্যালয়ৰ ৱেবছাইট(https://mssv.ac.in)ত চাব পাৰে ।

      ইয়াৰ উপৰিও  গুৱাহাটী বিশ্ববিদ্যালয় (https://gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in), কটন বিশ্ববিদ্যালয় (http://www.cottonuniversity.ac.in) ,বড়োলেণ্ড বিশ্ববিদ্যালয় (http://buniv.edu.in) ,তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in),অসম বিশ্ববিদ্যালয় (www.aus.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (http://www.kkhsou.in), অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় (http://www.dbuniversity.ac.in) আদি শিক্ষানুষ্ঠানৰ বিভিন্ন বিভাগত শ্ৰীমন্ত  শঙ্কৰদেৱ   আৰু তেখেতৰ সৃষ্টিসমূহৰ বিষয়ে বিভিন্ন দিশৰ পৰা পি.এইচ.ডি. পাঠ্যক্রমত অধ্যয়ন কৰিব পৰা যায় ।  সবিশেষ তথ্য জানিবৰ বাবে আগ্রহীসকলে  শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।

        আজিৰ প্ৰযুক্তি যুগত  মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱক আৰু তেখেতৰ সৃষ্টিসমূহ বিভিন্ন ধৰণে বিশ্বমুখী কৰিব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱ   বিষয়ে প্রকাশিত লেখাসমূহ ইংৰাজী আৰু হিন্দী ভাষা তথা পৃথিৱীৰ বিভিন্ন ভাষাতো  ইণ্টাৰনেটত উপলব্ধ কৰিব লাগে যাতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকে মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱ   বিষয়ে পঢ়িব পাৰে। সেইদৰে শ্ৰীমন্ত  শঙ্কৰদেৱৰ সৃষ্টিৰাজিও বিভিন্ন ভাষালৈ অনুবাদৰ ব্যৱস্থা গ্রহণ কৰিলে ভাল হয় । তেখেতৰ অঙ্কীয়া নাটসমূহ ( পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ,  ৰাম বিজয়) ভিডিঅ’ কৰি  ৱেবচাইতবোৰত (যেনে-  ইউটিউব , ফেচবুক, ৱাটচআপ, টুইটাৰ, লিংডিন, ইনষ্টগ্ৰাম আদিত ) আপলোড কৰি আৰু অসমীয়া,ইংৰাজী আৰু হিন্দী ভাষা উপৰি সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাত বর্ণনা দি পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাই বুজিব  পৰা কৰিব পৰা যায় । এইদৰে মহাপুৰুষ শ্ৰীমন্ত  শঙ্কৰদেৱক আৰু তেখেতৰ সৃষ্টিসমূহ বিশ্বমুখী কৰিব পৰা যায়।

ড° বুলজিৎ বুঢ়াগোহাঁই