শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া

প্ৰাক্তন ছাত্ৰ- ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতি গ্ৰন্থৰ বাবে লেখা আহ্বান 

ৰঙিয়া,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষ অহা ২৫ আৰু ২৬ নৱেম্বৰত উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ পাবলগীয়া এখনি স্মৃতি গ্ৰন্থৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ কলমৰ পৰা নিগৰিত নিবন্ধ, প্ৰবন্ধ, কবিতা,অনুগল্প, নীলা খামৰ চিঠি, চুটিগল্পকে ধৰি বিভিন্ন ধৰণৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ ওপৰত লেখা বিচৰা হৈছে । লেখা সমূহ ৩১ আগষ্টৰ ভিতৰত পোৱাকৈ হোৱাটছএপ নং ৮৪৮৬৬৯৮৮২০ অথবা ইমেইল যোগে megazine@ssnralumni.org পঠাই দিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনায় । উল্লেখযোগ্য যে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত আগতীয়াকৈ ২ অক্টোবৰ পৰা প্ৰতিযোগিতামূলক অনুষ্ঠান চিত্ৰাংকন প্ৰতিযোগিতা,বাটৰ নাট,গল্প, কবিতা আদি প্ৰতিযোগিতা পালনৰ বাবে প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে সিদ্ধান্ত লয় । আনহাতে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বাবে আগতীয়াকৈ নিজৰ নামসমূহ ssnralumni.org ত পঞ্জীয়নভূক্ত কৰিবলৈ সকলোকে আহ্বান জনাইছে।