শংকৰদেৱ কলাক্ষেত্ৰত চিত্ৰ প্ৰদৰ্শনী

শংকৰদেৱ কলাক্ষেত্ৰত চিত্ৰ প্ৰদৰ্শনী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পাঞ্জাবাৰীস্হিত শংকৰদেৱ কলাক্ষেত্ৰত দিল্লীৰ ললিত কলা একাডেমীৰ উদ্যোগত,আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ড আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত ২০গৰাকী বৰেণ্য শিল্পীৰ বিখ্যাত চিত্ৰ সমূহৰ এখনি চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। সেই বৰেণ্য শিল্পী সকল যথাক্ৰমে আকবৰ পদ্মশ্ৰী, ভূপেন কক্কৰ, কে কে হেবাৰ, এম,এফ হুছেইন, এন এছ বেণ্ড্ৰৰে, প্ৰভাকৰ বাৰৱে, ৰাজ কুমাৰ,এচ এইচ ৰাজা, টায়েব মেহতা,ভি এচ গায়টনডে, আৰু অসমৰ আশুদেৱ, বেণু মিশ্ৰ, গৌৰী বৰ্মন, হেমাংগিনী বৰদলৈ, হেমন্ত মিশ্ৰ, মাধৱ বৈশ্য, নীল পৱন বৰুৱা,প্ৰণৱ বৰুৱা,পুলক গগৈ,শুভা ব্ৰহ্ম আদি। প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ মন্ত্ৰী বিমল বৰা, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ মুখ্য সম্পাদক ড:বি , কল্যাণ চক্ৰৱৰ্তী,কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আৰু ললিত কলা একাডেমীৰ সভাপতি অধ্যাপক ভি নাগদাস উপস্হিত থকাৰ লগতে ভালে সংখ্যক শিল্পী উপস্হিত থাকে। প্ৰদৰ্শনীখন ১৮আগষ্টলৈ দিনৰ ১১বজাৰ পৰা সন্ধিয়া ৮বজালৈকে মুকলি থাকিব।