লৰেন্স বিষ্ণোই মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি স্বীকাৰ কৰিছে: পঞ্জাৱ আৰক্ষী
ৰঙিলী বাৰ্ত্তাসেৱা- গেংষ্টাৰ লৰেন্স বিষ্ণোই স্বীকাৰ কৰিছে যে তেওঁ পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ মূল মাষ্টাৰমাইণ্ড আছিল আৰু যোৱা আগষ্টৰ পৰা ইয়াৰ পৰিকল্পনা কৰি আছিল, পঞ্জাৱ আৰক্ষীৰ এডিজিপি প্ৰমোদ বানে কয়। তেওঁ লগতে কয়, “জানুৱাৰী মাহতো শ্বুটাৰৰ এটা বেলেগ গোটে মুছেৱালাক হত্যা কৰিবলৈ আহিছিল কিন্তু তেনে কৰিব নোৱাৰিলে।” গেংষ্টাৰৰ ৰিমাণ্ড ২৭ জুনলৈ বৃদ্ধি কৰা হৈছিল।