লেবʼৰটৰি টেকনিচিয়ানৰ চাকৰি এৰি খুলিলে চাহৰ বিপনী

লেবʼৰটৰি টেকনিচিয়ানৰ চাকৰি এৰি খুলিলে চাহৰ বিপনী

ৰঙিলী বাৰ্ত্তাসেৱা-  ক্লান্তি আৰু অৱসাদ দূৰ কৰা বাবে হয়তো আপুনিও দৈনিক চাহ গ্ৰহণ কৰে,ঘৰতেই হওঁক বা কোনোবা চাহ বিপনীতেই হওঁক দৈনিক প্ৰায় প্ৰতিজন লোকে চাহ গ্ৰহণ কৰে। আৰু আপুনি হয়তো শুনি আৰু দেখি সুখী হ’ব এগৰাকী শিক্ষিত অসমীয়া যুৱকে কিদৰে চাহ বিক্ৰীৰ জড়িয়তে আত্ম নিৰ্ভৰ্শীলতাৰ পথ বাছি লৈছে। এই দৃশ্য ৰঙিয়াৰ মাজ মজিয়াৰ। যুৱক জন হৈছে কংকন তালুকদাৰ। Laboratory technician ৰ পাঠ্যক্ৰম শেষ কৰি চিকিৎসালয়ত কৰ্মৰত অৱস্থাত আছিল কংকন তালুকদাৰ । চাকৰি পদত্যাগ কৰি নিজাকৈ কিবা এটা কৰাৰ সপোন দেখা যুৱক জনে দিলে এখন চহৰ বিপনী। যত উন্নত মানদণ্ডৰ বিভিন্ন ধৰণৰ চাহ পোৱা যায়। সৰুৰে পৰা চাহ বনাই ভাল পোৱা কংকনৰ আছে আদম্য হেঁপাহ। ঘৰৰ অৱস্থা স্বচ্ছল যদিও নিজে জীৱনত আগুৱাই যোৱাৰ সপোন কংকনৰ। ৰঙিয়া পৌৰ সভাৰ সন্মূখতে আছে কংকনৰ “ৰিমকʼল চা” নামৰ চাহৰ বিপনী। গুৱাহাটী মহানগৰীত উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে আত্মনিৰ্ভৰশীলতাৰ বাবে ব্যৱহাৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্য-পন্থাত নিজকে ব্ৰতী কৰাৰ দৃশ্য আমি দেখিছো,কিন্তু মফচলীয়া অঞ্চল সমূহতো এতিয়া এইদৰে উচ্চ শিক্ষিত যুৱকে দঙি ধৰা স্বাৱলম্বীতাৰ এই প্ৰচেষ্টাত সকলোৱে আদৰিছে।প্ৰতিগৰাকী নৱ প্ৰজন্ম আৰু চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই থকা শিক্ষিত যুৱক-যুৱতীৰ বাবে এই এইজন যুৱক এতিয়া প্ৰেৰণা হৈ পৰিছে।