লুইতৰ চাপৰিত আকৌ কঁহুৱা ফুলিছে………….
শৰতৰ আনন্দবোৰ একেই আছেনে ?
– মানসী মিশ্ৰ
সূদূৰৰ পৰা ভাহি অহা শেৱালিজোপাৰ সুন্দৰ সুগন্ধিয়ে কাণে কাণে কৈ গ’ল শৰৎ অহাৰ কথা। চোতালত ৰাতিপুৱা তলসৰা শেৱালি বুটলি বুটলি মৰমৰ নাতিহঁতক শৰৎ অহাৰ বাতৰি দিলে। বাৰীৰ পিছফালে থকাৰ বাবে টেঙাজোপাৰ সুগন্ধিয়ে মনৰ মাজত টোকৰ মাৰি গ’ল শৰৎ আহিল বুলি। গ্ৰীষ্ম-বৰ্ষাৰ উৎকট গৰমৰ পাছত দেহমনত শীতল পৰশ দিয়া মলয়াজাকেও যেন কাণে কাণে সংগোপনে দিলেহি শৰৎ অহাৰ বাতৰি। শুভ্ৰ আকাশত বগা ডাৱৰৰ মাজত ৰূপালী জোনবাইৰ মিচিকিয়া হাঁহিয়েও প্ৰতিজন প্ৰকৃতিপ্ৰেমী লোককে শৰৎ অহাৰ বাতৰি দিছে। ল’ৰালি কালত প্ৰত্যেকেই নিশ্চয় শৰৎ বৰ্ণনা পাঠটি পঢ়া মনত আছে। ঠিক তাত উল্লেখ থকাৰ দৰেই শৰৎৰ সৌন্দৰ্য্য দেখিলে ভাগৰুৱা পখিকো আপোন পাহৰা হয়। শৰৎৰ সৌন্দৰ্য্য অনবদ্য, অপৰিসীম। এই শৰৎকালছোৱাই আমাৰ প্ৰত্যেকৰে মনত এক ভাবাবেগৰ সৃষ্টি কৰে। পলকতে আমাক লৈ যায় শৈশৱৰ, কৈশোৰৰ, যৌৱনৰ স্বপ্নৰঙীন দিনবোৰলৈ, মৰমৰ ওপজা ঘৰখনলৈ। পূৰঠ ধানৰ সৈতে ধাননি পথাৰখনত ৰাতিপুৱা শৰতৰ ৰিবৰিব মলয়া বতাহজাক যিসকলে গাত লগাই পোৱা নাই, সেইসকলে হয়তো শৰতৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আধৰুৱা হৈ থাকি গৈছে। আহিন, কাতিৰ মৃদু ৰ’দজাক গাত লৈ কলপাতত নিমখ জলকীয়া সানি ৰবাব টেঙা যিসকলে খাই পোৱা নাই, তেওঁলোকেও শৰতৰ মাদকতা কিছু পাবলৈ বাকী থাকি গ’ল। শৰতে আমাৰ জীৱনত নতুনত্ব প্ৰদান কৰে। দুৰ্বল জীৱনটোক আনকি নতুনকৈ জীয়াই থকাৰ আশা প্ৰদান কৰে। সেয়ে ঋতুৰাজ শৰৎ আহিলেই আমাৰ মনবোৰ উৰি যায় অতীতৰ দিনবোৰলৈ। হেৰুৱা দিনৰ সুবাস বিচাৰি বহুদুৰলৈ উৰামাৰে আমাৰ মন। ধাননি পথাৰত হালিজালি নাচি থকা ধাননি ডৰাৰ মাজত মলয়া বতাহজাকৰ তালে তালে নাচি থকা সেই দিনবোৰলৈ। শৰতৰ নিৰ্মল বতাহ আৰু শুভ্ৰ আকাশৰ তলত সহজ সৰল জীৱন যাপন কৰা সেই দিনবোৰৰ স্মৃতিয়ে আমাৰ মনবোৰ এতিয়াও ৰঙীন কৰি তোলে। প্ৰত্যেকজন মানুহেই বাৰু কিমান বেছিকৈ ভাল পায় ওপজা ঠাইখন, ওপজা গাঁওখন। প্ৰকৃতিৰ অপৰূপ সমাহাৰৰ মাজত পাৰ কৰা শৈশৱ, কৈশোৰৰ সেই দিনবোৰে আজিৰ দিনতো শৰৎ অহাৰ সময়ত প্ৰতিজন ব্যক্তিক মানসিক খাদ্যৰ যোগান ধৰিব পাৰে। সেইবাবেইতো কোৱা হয় শৰতে মানুহৰ জীয়াই থকা প্ৰত্যাশা কঢ়িয়াই আনে আনকি ভগ্নপ্ৰায় মানৱ জীৱন একোটাতো জীৱনটোক নতুনকৈ গঢ় দিয়াৰ বাবে সঞ্জীৱনী সুধা প্ৰদান কৰে। এয়াই শৰৎৰ ৰূপৰস, অপাৰ মহিমা। কবি সাহিত্যিককে আদি কৰি প্ৰত্যেকেই অকপটে স্বীকাৰ কৰে শৰৎৰ গুণ গৰিমাক। মনৰ মাজত অকৃত্ৰিম ভাবৰ অনুৰাগে প্ৰকৃতিপ্ৰেমী তথা সৃষ্টিশীল লোকৰ মাজত সৃষ্টিৰ লহৰ তোলে। সেইবাবে বহু কবি সাহিত্যিক, গীতিকাৰ আদিয়ে অনবৈদ্য তথা অনুপম সৃষ্টি কৰে সময়ছোৱাত। ১০ বছৰীয়া শিশু কি, ২৫ বছৰীয়া যুৱক কি, ৬০ বছৰীয়া বৃদ্ধ কি, শৰতে সকলোৰে মনলৈ আনে গভীৰ প্ৰশান্তি। বৰ্ষাৰ মেঘে ঢকা আকাশৰ ওন্দোলিত অৱস্থা আঁতৰাই আমাৰ দুচকুত এখনি মুকলি আকাশ চোৱাৰ বাবে সকলোৰে প্ৰত্যাশা। উখল মাখল পথাৰত সেউজীয়াৰ ধল……। চৌদিশে আয়োজিত হ’বলৈ ওলাইছে, বাৰিষাৰ প্লাবনে চৌদিশ ধুই নিয়াৰ পিছত প্ৰকৃতিয়ে সেউজীয়া দলিছা পাৰি দিছে। পুৱাৰ কোমল মিঠা ৰ’দজাকে আনি দিয়া শুভ্ৰতা। পদুলিত তলসৰা শেৱালিৰ মুকুতামালা আৰু তাৰ স্নিগ্ধ সুবাস, নিয়ৰৰ কণিকাৰে জীপাল থকা দুবৰি এই সকলোবোৰে আনি দিয়ে শৰতৰ স্নিগ্ধতা আৰু মাধুৰ্য্যতা। শৰতৰ আগমন মানেই মানুহৰ মাজলৈ উছৱৰ আগমন, শৰৎ আহিলেই আমি সকলোৱে উন্মনা হওঁ। শাৰদীয় দুৰ্গোৎসৱৰ পৰা আৰম্ভ কৰি পথাৰত বন্তি জ্বলাই লখিমীক কৃষকে আদৰি আনিবলৈ আয়োজন কৰা কাতি বিহুলৈকে, ৰাধা কৃষ্ণৰ জীৱনৰ বিভিন্ন ৰংবোৰ উদ্ভাষিত কৰি আয়োজন কৰা ৰাস মহোৎসৱলৈকে লানি নিছিগা পয়োভৰ উছৱৰ আৰু ইয়াৰ লগতে সাঙুৰ খাই আছে জীৱনৰ ৰং আৰু জীৱনৰ গতি।
বৰ্ষাৰ বৰষুণত ফেনে ফোটোকাৰে ওফন্দি উঠা লুইতৰ বুকু শান্ত সমাহিত হৈ উঠে শৰতৰ লগে লগে। লুইতৰ প্ৰতিটো চাপৰি আৰু তাৰ লগতে লগা মাজুলী, শদিয়া, ধুবুৰী, গৌৰীপুৰ, কাজিৰঙা অৰ্থাৎ লুইতৰ দাঁতিতে লাগি থকা অঞ্চলবোৰত হালিজালি ফুলি থকা কহুঁৱাৰ নাচোনে প্ৰতিজন লোককে উন্মনা কৰিছে। কহুঁৱা ফুলৰ কোমল পাহিবোৰে মৃদু মলয়াৰ তালে তালে নৃত্য কৰে আৰু এনে স্বৰ্গীয় দৃশ্য দেখি লুইতৰ বুকুৱেদি নাও বাই বাই পাৰ হৈ যোৱা মিচিং ডেকাই নিজৰ প্ৰিয়জনলৈ মনত পেলাই গোৱা ঐনিতমৰ কৰুণ সুৰে বহুতৰ মনত আবেগৰ, বিষাদৰ ঢৌ খেলি যায় যদিও তাৰ মাজতো লুকাই থাকে অন্যতম মধুৰতা। এনেদৰেই শৰৎ আহে। প্ৰকৃতিৰ অমোঘ নিয়ম সৰোগত কৰি প্ৰতিটো বছৰতেই ঋতুৰাজ শৰৎ আমাৰ মাজলৈ আহে। বিশ্ববিখ্যাত সৰ্ববৃহৎ নদীদ্বিপ মাজুলী সত্ৰনগৰী হিচাপেও প্ৰখ্যাত। এই সত্ৰনগৰীতে শৰৎ অহাৰ লগে লগে ৰাস মহোৎসৱ অহাৰ লগে লগে গোপ-গোপিনী সকলৰ আখৰাৰ পূৰ্ণপ্ৰস্তুতি চলে। অসমৰ প্ৰতিটো চুক-কোণৰ পৰা বিভিন্ন লোকে এই উছৱৰ সময়ত মাজুলীত সমবেত হোৱাৰ লগে লগে বহু বিদেশী পৰ্য্যটকেও এই ৰাস মহোৎসৱত ভাগ ল’বলৈ আহে। উদাৰ আৰু সৰলমনা মাজুলীয়ে দেশী-বিদেশী সকলো অতিথিকে অতি আন্তৰিকতাৰে আপ্যায়ন কৰে। সকলোতকৈ ডাঙৰ কথাটোৱেই হৈছে যে প্ৰতি বছৰেই শৰৎ আহিব এনেদৰে। শৰতৰ শুভ্ৰ আৰু নিৰ্মল আকাশৰ তলত লুইতৰ প্ৰতিটো চাপৰিত কহুৱাবোৰে মলয়াৰ তালে তালে নাচোন ধৰিব। এইয়া প্ৰকৃতিৰ নিয়ম। কিন্তু বৰ্তমানৰ সময় আৰু পৰিস্থিতিত শদিয়াৰ, ধুবুৰীৰ, গৌৰীপুৰ, মাজুলীবাসী আৰু লুইতৰ পাৰৰ প্ৰতিজন ব্যক্তিৰ মনত ন ন চিন্তাৰ উদ্ৰেক হৈছে যে যি ভয়াবহ হাৰত লুইতৰ বুকুত খহনীয়াৰ তাণ্ডৱ চলিছে তাৰ প্ৰতিদিনে ন-ন গাঁও, কৃষিভূমি লুইতৰ বুকুত জাঁহ গৈছে। লুইতৰ পাৰত কহুঁৱাৰ নাচোন চাবলৈ সেই ৰাইজ তাত থাকিব পৰা নাই। তেওঁলোকে গৃহহাৰা হৈ এক দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে। গতিকে প্ৰতিজন সচেতন ৰাইজে / ব্যক্তিয়ে এই সময়ত চিন্তা কৰি চোৱাৰ সময় আহি পৰিছে যে আমাৰ ৰাজ্য চৰকাৰে এই বাৰিষাকালত ফেনেফোটোকাৰে ওফন্দি অহা তাণ্ডৱ নৃত্য দেখুওৱা লুইতখনক নিয়ন্ত্ৰন কৰাৰ বাবে যদি কোনো পৰিকল্পনা বা পদক্ষেপ গ্ৰহণ নকৰে তেন্তে বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ ভিতৰত অন্তৰ্ভুক্ত সৰ্ববৃহৎ নদীদ্বীপ মাজুলী চিৰদিনৰ বাবে লুইতৰ বুকুত জাহ যাব নেকি সেই লৈ অলেখ চিন্তাই মানুহৰ মনত জুমুৰি দি ধৰিছে। চীনৰ প্ৰৱল খৰস্ৰোতা হোৱাংহো নৈ খনক চীনা চৰকাৰে সুপৰিকল্পিতভাৱে ৰোধ কৰিবলৈ সক্ষম হৈছে। অতীতকালৰ ৰ পৰা আমাৰ লুইতখনক চৰকাৰে সুদক্ষ কাৰ্য্যপন্থা আৰু সুপৰিকল্পিত চিন্তাধাৰাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ’বনে বাৰু ? নিশ্চয় পাৰিব। এইখন লুইতক লৈয়েই কবি, গীতিকাৰ, শিল্পী, সাহিত্যিকৰ কলমত কত যে সৃষ্টি হৈছে। কিন্তু বাৰিষা এই লুইতৰ সৌন্দৰ্য্যক লৈয়েই কবি, গীতিকাৰ, শিল্পী, সাহিত্যিকৰ কত যে অনুপম সৃষ্টি হৈছে। কিন্তু বাৰিষাকালত এই লুইতৰ ধ্বংসলীলাত সৰ্বস্ৰান্ত হোৱা ৰাইজৰ হৃদয়ৰ বিননি শুনিলে সচাঁকায়ে চকুপানী ওলায়। এইসকল ৰাইজে জানে যে শৰৎ আকৌ আহিব। কিন্তু লুইতৰ প্ৰান্তত থিয় হৈ শৰতত জকমকাই তোলা কহুঁৱা ফুলৰ নাচোন চাই এই লোকসকলে বৰ্তমান থিয় দি থকা ভৰিৰ তলৰ মহামূল্যৱান মাটি টুকুৰাও হঠাতে লুইতৰ বুকুত জাঁহ যাব নেকি, সকলো সময়তে তেনে এক ভীতি শংকাই মনৰ মাজত দোলা দি থাকে। শদিয়াৰ লুইতৰ চাপৰি, ধুবুৰী, গৌৰীপুৰৰ লুইতৰ চাপৰি সকলোতে শৰৎ আহিব। কিন্তু লুইতৰ পাৰৰ কহুঁৱাৰ নাচোন ৰাইজে কিমান দিনলৈ উপভোগ কৰিব, তাত ৰাইজৰ গভীৰ শংকা। কাজিৰঙাত আকৌ চোৰাংচিকাৰীৰ গঁড় হত্যাৰ যি তাণ্ডৱ চলিছে সেয়া দেখি ৰাইজে পাহৰিবলৈ বাধ্য হৈছে লুইতৰ চাপৰিত কহুঁৱা ফুলৰ সৌন্দৰ্য্য। সেইবাবে আমাৰ চৰকাৰ তথা ৰাজ্যপ্ৰশাসনে যদি লুইতৰ এই ভয়াবহ গৰাখহনীয়াক ৰোধ কৰিবলৈ কোনো পদক্ষেপ আৰু পৰিকল্পনা হাতত নলয় তেন্তে শৰত কহুঁৱা ফলৰ নাচোন চাবলৈ বহু গাঁৱভূইৰ মাটি হেৰাই যাব লুইতৰ বুকুত।