হাজোৰ ৰামদিয়াত শাৰীৰিক প্ৰশিক্ষণ শিবিৰ মুকলি

pc-akhsay das

হাজোৰ ৰামদিয়াত শাৰীৰিক প্ৰশিক্ষণ শিবিৰ মুকলি

অক্ষয় মেধি ,হাজো,বাৰ্ত্তাসেৱা-  হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া সমাজ উন্নয়ন সভাৰ উদ্যোগত বৃহত্তৰ ৰামদিয়া অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক শাৰীৰিক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য আজিৰ পৰা সাত দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে।এই উদ্দেশ্য আজি বিয়লি চাৰি বজাত ৰামদিয়া সমাজ উন্নয়ন সভাৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়।সমাজ উন্নয়ণ সভাৰ সভাপতি প্ৰফুল্ল ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে প্ৰচাৰ সম্পাদক ভাস্কৰ ডেকাই।দিলীপ ঠাকুৰীয়াই আত ধৰা সভা উদ্ধোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে সমাজ উন্নয়ণ সভাৰ এনে পদক্ষেপক আদৰণি জনাই কয় বৰ্তমান সময়ত শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে এটা চৰকাৰী চাকৰি পোৱাটো অত্যন্ত কঠিন হৈ পৰিছে।সেয়ে নিজকে এগৰাকী সুস্থ আৰু শাৰীৰিক সক্ষম ভাবে প্ৰস্তুত কৰি তুলিবলৈ উপস্থিত যুৱক-যুৱতী সকলৰ প্ৰতি আহ্বান জনাই। তেওঁ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছতো প্ৰতিদিনে প্ৰতিজন যুৱক-যুৱতীক অনুশীলন কৰি যাবলৈকো আহ্বান জনাই ।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এমট্ৰণৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থই কয় বৰ্তমান অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত বিশেষকৈ সেনা তথা পুলিছ বিভাগত চাকৰি পাবলৈ হলে নিজকে সকলো দিশতেই প্ৰস্তুত কৰিব লাগিব।কেবল পঢ়া শুনাই নহয় খেলা ধুলাৰ জৰিয়তেও আত্ম নিৰ্ভৰশীল হব পাৰি বুলি উল্লেখ কৰে।তেও যি সকল শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে শাৰীৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিব তেওঁ লোকক একাগ্ৰতা নিষ্ঠা আৰু সততাৰে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাই। অনুষ্ঠানত ৩ নং জিলা পৰিষদৰ সদস্য বিপুল দাস আছু নেতা ৰুবুল চন্দ্ৰ দাস,হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক,ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদক অজিত ঠাকুৰীয়াৰ লগতে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি পংকজ ভৰালী আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনমোহন দাসে নিবনুৱা যুৱক যুৱতী সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনাই।এই সভাতে সদ্য ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক ৰজত চন্দ্ৰ ভৰালীক সমাজ উন্নয়ণ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত কুমুদ ডেকা,বৰুণ চন্দ্ৰ তালুকদাৰ,মণিৰাম দাস,মহানন্দ দাস,মাধৱ ঠাকুৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক নিবনুৱা যুৱক-যুৱতী উপস্থিত থাকে।