লাভলীনা আৰু কন্যাসন্তান- দীপিকা বৰুৱা

Pc- Times of India

লাভলীনা আৰু কন্যাসন্তান

দীপিকা বৰুৱা
নেহৰু পাৰ্ক
যোৰহাট-১

সিদিনা শুনিলো,অলিম্পিকত গৌৰবৰ মুকুট পিন্ধা অসম তথা ভাৰতৰ গৌৰব লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃক সম্বৰ্দ্ধনা জনাইছে।এইটো আমাৰ মহিলা সকলৰ বাবে বিশেষ গৌৰবৰ কথা বুলি ভাবো,কাৰণ এইখন বিশ্বতে কন্যা সন্তানৰ ভ্ৰুন হত্যা কৰা হয়, যৌতুকৰ বলি হ’ব লাগে।ইয়াৰ উপৰি -“পথে নাৰী বিবৰ্জিতা”বুলি অপমানৰ ভাগি হ’ব লাগে।এইখন দেশতে কোনোৱে কয়-“ছোৱালীয়ে বক্সিং খেলেনে”??এতিয়াও কোনোৱে স্ত্ৰী লিংগ বুলি হীন চকুৰে চাই,-এনে ধৰণৰ কথা পিছলৈ ঠেলি, লাভলীনাৰ পিতৃ-মাতৃয়ে উৎসাহ যোগাই,সৰুৰ পৰা অভ্যাস কৰাই ,সু-স্বাস্থ্য গঢ়া দি, সুন্দৰ স্বাস্থ্যৰ অধিকাৰী কৰি,বক্সাৰত নাম উজ্জ্বল কৰোৱাটো বৰ ধন্যবাদৰ কথা।এনে পিতৃ-মাতৃক সন্মান জনাবলৈ পোৱাটো দেশবাসীৰ গৌৰব। ধন্য লাভলীনা, তোমাক বিশ্বৰ সকলো নাৰী জাতিয়ে আৰ্শীবাদ কৰিছে।অনাগত দিনবোৰত তোমাৰ মুখত যশস্যাৰ ৰেঙনী বিৰিঙি উঠক।