ভেৰগাঁ‌ও কাকৰামাৰিত উৰ্গিতা প্ৰাৰ্থনাৰ প্ৰশিক্ষণ

ভেৰগাঁ‌ও কাকৰামাৰিত উৰ্গিতা প্ৰাৰ্থনাৰ প্ৰশিক্ষণ

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  বিটিআৰ ওদালগুৰি জিলাৰ ভেৰগাওঁ কাকৰামাৰিত দেওবাৰে বাইখো পূজাৰ প্ৰাৰ্থনা উৰ্গিতা প্ৰশিক্ষণ দিয়া দেখা যায়। উল্লেখ্য যে  উৰ্গিতা ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখো পূজাৰ এক প্ৰাৰ্থনা  আৰু এই বাইখো পূজা কৃষিৰ লগত সংগতি ৰাখি ৰাভা সমাজৰ অপায় অমংগল দূৰ কৰিবৰ বাবে প্ৰতি বছৰে দেৱ দেৱীক সন্তুষ্ট কৰাৰ হেতুকে জেঠ মাহত অনুষ্ঠিত কৰা হয়। আৰু সেই বাবে বাইখো সমিতিৰ উদ্যোগত প্ৰ্তিটো অঞ্চলৰ প্ৰতিখন গাওঁত উৰ্গিতা প্ৰৰ্থনাৰ প্ৰশিক্ষণ দি আহিছে যাৰ পৰিপেক্ষিতত আজি ওদালগুৰি জিলা ভেৰগাঁ‌ও কাকৰামাৰি বাইখো উদ্যানত কাকৰামাৰি গাওঁৰ পৰুষ মহিলা সকলক ৰাভা সম্প্ৰদায়ৰ বাইখো পূজাৰ উৰ্গিতা বা প্ৰৰ্থনা প্ৰশিক্ষণ দিয়া দেখা যায়।