লাভলীনাৰ পাছত এইবাৰ বিশ্ব মহিলা বক্সিঙৰ পৰা বিদায় ল’লে অংকুশিতা বড়োৱে

লাভলীনাৰ পাছত এইবাৰ বিশ্ব মহিলা বক্সিঙৰ পৰা বিদায় ল’লে অংকুশিতা বড়োৱে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ মহিলা বক্সিঙৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধ আইবিএ বিশ্ব মহিলা বক্সিং ২০২২ৰ পৰা এইবাৰ আকৌ আহিল বেয়া খবৰ। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মহিলা বক্সিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈ দুগৰাকী খেলুৱৈ আছিল লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়ো।বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা লাভলীনা বৰগোঁহাইৰ বিদায়ৰ পাছত এইবাৰ সকলোকে হতাশ কৰি ৬৬ কেজি শাখাত অংকুশিতা বড়োৱেও ল’লে বিদায়। ৬৬ কেজি শাখাত অংকুশিতা বড়োৱে দেওবাৰে প্ৰতিদ্বন্দ্বী পোলেন্ডৰ আনেতা ৰাজেলেছকাৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হয়।টকিঅ’ অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ প্ৰস্থানৰ পিছত সকলোৱে অংকুশিতা বড়োক আশা কৰিছিল।উল্লেখ্য যে,লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে প্ৰতিযোগিতাৰ পৰা বিদায় ল’লেও ভাৰতৰ মহিলা বক্সাৰ অনামিকা, নিকাট জাৰিন, জেছমিন লামবৰিয়া আৰু পাৰভিনে বিশ্ব চেম্পিয়নত অগ্ৰগতি লাভ কৰি আছে।