লক্ষ্য প্ৰাপ্তিৰ প্ৰতি কিমানে একান্ততে কান্দি উঠিছো ? – চন্দ্ৰ শেখৰ পৰাজুলী

 লক্ষ্য প্ৰাপ্তিৰ প্ৰতি কিমানে একান্ততে কান্দি উঠিছো ?

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমি এই সংসাৰত জন্মগ্ৰহণ কৰাৰ পিছত সকলো সুস্থ-সবল মানুহে মন,মস্তিষ্কৰ বিকাশৰ লগে লগে একো একোটা সপোন বা জীৱন লক্ষ্য থিৰাং কৰিবলৈ ধৰো। কিন্তু তাৰে মাজতে কিছু মানুহৰ সপোনবোৰ বাস্তৱত পৰিনত হয় আৰু বহুতৰে সপোন কেৱল সপোনে হৈ ৰয় ওৰে জীৱন । আচলতে আমি ৰচিবলৈ লোৱা কেতবোৰ সপোনবোৰে হ’ল আমাৰ জীৱনৰ আচল লক্ষ্য বা উদ্দেশ্য। আমি মনে মনে প্ৰায় প্ৰতিজন মানুহে নিজৰ ব্যক্তিত্ব অনুযায়ী জীৱনৰ যিমান সিনি আয়ত্ব কৰিবলৈ ইচ্ছা প্ৰকাশ কৰো প্ৰকৃততে আমি সেইমতে জীৱন সংগ্ৰামত নামিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। কাৰণ সঁচা অৰ্থত কবলৈ গলে আমি সকলোবোৰ মানুহে আৰাম কৰি ভাল পাওঁ। আমাৰ শৰীৰক কষ্ট দিয়াতকৈ আমি বেছিকৈ আৰাম প্ৰদান কৰিব বিচাৰোঁ নহয়নে?সেয়েহে আমি অতি সহজতেই জীৱনৰ আচল উদ্দেশ্য বা লক্ষ্যৰ পৰা পথ ভ্ৰমিত হৈ পৰো। আচলতে এনেদৰে লক্ষ্য ভ্ৰমিত হোৱা মূল কাৰণেই হ’ল আমি সকলোৱে নিজ লক্ষ্য প্ৰতি আবেগিক হোৱাতকৈ ধিতিঙালি কৰাতে ব্যস্ত হৈ পৰো । আমি দেখা প্ৰতিটো সপোন বা আমাৰ জীৱনৰ প্ৰতিটো লক্ষ্য প্ৰাপ্তিৰ পিছত সদায় গঠন মূলক আবেগ জড়িত থকা উচিত হ’ব। কাৰণ যেতিয়া কোনো এক লক্ষ্যৰ প্ৰাপ্তিৰ পিছত বহু সংগ্ৰামৰ লগে লগে তাতে যদি আৰু বহু গঠন মূলক আবেগ জড়িত হৈ থাকে তেন্তে এই বিশ্বব্ৰহ্মাণ্ডতে কোনো এক বিষয়-বস্তু নাথাকিব যাক আপুনি জয় কৰিব নোৱাৰিব। ধৰিললো আপুনি একেবাৰে দৰিদ্ৰ পৰিলায়ত জন্ম গ্ৰহণ কৰিছে। তাতেই আপোনাৰ অভিভাৱকে যেনেতেনে কৰি আপোনাক পঢ়িবলৈ বিশ্ববিদ্যালয়ৰ বা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলে। এতিয়া আপুনি দেখিবলৈ পাব যে ,আপোনাৰ লগতে পঢ়ি থকা বহু ছাত্ৰ -ছাত্ৰীয়ে হয়তো বিশ্ববিদ্যালয়ৰ বা মহাবিদ্যালয়ত অহা যোৱাৰ বাবে গাড়ী বা মটৰ চাইকেল ব্যৱহাৰত লৈছে। কিন্তু আপোনাৰ হাতত কেৱল এটা ভঙা চাইকেল এখনৰ বাহিৰে আন একো নাই। এইখিনিতে ভঙা চাইকেল এটা লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীত মনত প্ৰবল ইচ্ছা এটা সোমাই থাকিব যে, কেনেবাকৈ মটৰ চাইকেল বা গাড়ী এখন নিজৰ হোৱা হ’লে অহা যোৱা কৰাতো সুবিধা হ’ব আৰু নিজৰ আত্ম সন্মানতো বৃদ্ধি পাব। এতিয়া কথা হ’ল ভঙা চাইকেলৰ পৰা মটৰ চাইকেলৰ এটা পাবলৈ হ’লে বহু টকা  অৰ্থাৎ আমি বহু সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে। এতিয়া আমাৰ জীৱনৰ সংগ্ৰামৰ লগে লগে যদি গঠন মূলক আবেগ জড়িত কৰি লওঁ তেন্তে আমাৰ উদ্দেশ্য এনেধৰণৰ হ’ব যেতিয়ালৈকে মই নিজে এটা মটৰচাইকেল বা গাড়ী ক্ৰয় কৰাৰ ক্ষমতা সম্পন্ন ব্যক্তি হৈ নুঠো তেতিয়ালৈকে মই আনৰ মটৰচাইকেল বা গাড়ী অকণমান সময়ৰ বাবে বিচাৰি বা অকণমান সময়ৰ বাবে চলাই আনন্দৰ উপভোগ নকৰোঁ। নিজে যেতিয়া এটা নতুন গাড়ী ক্ৰয় কৰিম তেতিয়া এই মোৰ দুৰ্ভগিয়া, দৰিদ্ৰ পিতৃ-মাতৃক উপহাৰ স্বৰূপে প্ৰদান কৰিম। কাৰণ দৰিদ্ৰ হৈয়ো মোৰ মা-দেউতাক বা মোৰ অভিভাবকে মোৰ জীৱন নিৰ্মাণৰ  বাবে ইমানবোৰ ত্যাগ স্বীকাৰ কৰিছে। তেন্তে মই সৎ মাৰ্গত গতি কৰি যথোচিত সংগ্ৰামৰ জৰিয়তে পৰাপক্ষত জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী আয়ত্ব কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিম। নিজৰ জীৱন সংগ্ৰামৰ লগে লগে মা-দেউতা বা অভিভাৱকে আপোনাক মানুহ ৰূপত গঢ়ি তুলিবলৈ কিমান যে সংগ্ৰামৰ কৰিবলগীয়া হৈছে সেই কথাবোৰ  একান্ততে বহি মনে মনে কান্দি কান্দি হ’লেও আওৰাই যাবলৈ সদায় যত্ন কৰিব। কাৰণ আমি বয়স বাঢ়ি অহাৰ লগে লগে প্ৰেমৰ মায়াজালত পৰি লৰাবোৰে হয়তো ছোৱালীৰ বাবে কান্দিছো নাইবা ছোৱালীবোৰে হয়তো ল’ৰাৰ বাবে কান্দিছো । কিন্তু জীৱনত লক্ষ্য প্ৰাপ্তিৰ প্ৰতি কিমানে একান্ততে কান্দি উঠিছো ? সেয়েহে নিজ লক্ষ্যবোৰৰ লগত আপোনাৰ গঠন মূলক আবেগ জড়িত হৈ থাকে তেন্তে একান্ততে বহি নিশ্চয় কেতিয়াবা কান্দি পৰিছে। হৃদয়ত উফন্দি উঠা এই আবেগবোৰৰ জৰিয়তে আপোনাৰ জীৱনৰ লক্ষ্যবোৰ সদায় সজীৱ কৰি ৰাখক । কাৰণ অন্তৰত অন্তৰ্নিহিত হোৱা গঠন মূলক আবেগবোৰৰ জৰিয়তে নিজ লক্ষ্য প্ৰাপ্তিৰ প্ৰতি সহায়ক আৰু অতি স্পষ্ট ধাৰণা গঢ়ি উঠে।