যোগীঘোপাত আৰক্ষী থানাত অঘটন

Pc India TodayNE

যোগীঘোপাত আৰক্ষী থানাত অঘটন

ৰঙিলী বাৰ্ত্তাসেৱা-  যোগীঘোপাত আৰক্ষী থানাত অঘটন। নিশা যোগীঘোপা আৰক্ষী থানাৰ ভিতৰত লকআপত আত্মহত্যা এজন আচামীৰ। আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ। কালি গৰু চুৰিৰ ঘটনা এটাত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰক। লকআপৰ শৌচাগাৰত আত্মহত্যা কৰে লোকজনে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আব্দুল জব্বৰৰ ঘৰ কুশবাৰী৷ এই ঘটনাৰ পিছতে এজন আৰক্ষীক নিলম্বন৷ নিশা কৰ্তব্যত থকা মকিমুল হক পাটগিৰীক নিলম্বন কৰা হৈছে।