যুৱ লেখকৰ “উন্মীলন” অনুষ্ঠানেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা

Pc the janambhumi

যুৱ লেখকৰ “উন্মীলন” অনুষ্ঠানেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা

ৰঙিলী বাৰ্ত্তাসেৱা-  যুৱ লেখকৰ সাহিত্যানুষ্ঠান “উন্মীলন”-এ আজি আনন্দমুখৰ কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত অসম গ্ৰন্থমেলা৷ কবি-লেখক ড° ভাস্কৰজ্যোতি গগৈয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যুৱ লেখকসকলে ভাষা-সাহিত্য , সাম্প্ৰতিক সমাজ-জীৱনক লৈ নিজৰ নিজৰ যুক্তিপূৰ্ণ মতামত প্ৰকাশ কৰে ৷ সঞ্চালকৰ আসনৰ পৰা ড° ভাস্কৰজ্যোতি গগৈয়ে কয় যে সাম্প্ৰতিক সময়ত নিত্য নতুন বিষয় আৰু বিভিন্ন বিষয়ে সমাজ-জীৱনক বিচিত্ৰ কৰি তুলিছে ৷ এনে পৰিপ্ৰেক্ষিতত যুৱ লেখকসকলে সৃষ্টিৰ বাবে ভিন্নৰঙী পটভূমি নিৰ্বাচন কৰাৰ সুযোগ লাভ কৰিছে ৷ সেয়ে সাহিত্যই ন ন মাত্ৰা লাভ কৰিছে ৷ তেওঁ লগতে কয়—“যুৱ লেখকৰ ওপৰতে ভাষা-সাহিত্যৰ ভৱিষ্যত নিৰ্ভৰশীল ৷অসম প্ৰকাশন পৰিষদে অসম গ্ৰন্থমেলাৰ দৰে বৃহৎ অনুষ্ঠানত যুৱ লেখকসকলৰ বাবে এখন মঞ্চ মুকলি কৰি দি দায়ৱদ্ধতাৰ পৰিচয় দিছে ৷” আজিৰ উন্মীলন অনুষ্ঠানত গল্প , কবিতা, প্ৰবন্ধ , সমালোচনা , নাটক , চলচ্চিত্ৰ , পৰিৱেশ সাহিত্য, সাংবাদিকতা আদি বিভিন্ন দিশত প্ৰতিভাৰ স্বাক্ষৰ দিবলৈ সক্ষম হোৱা ১৫ গৰাকী যুৱ লেখকে অংশগ্ৰহণ কৰে ৷ তেওঁলোক হৈছে বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই , মানস প্ৰতীপ দত্ত, ভাস্কৰ ভূঞা , স্ৰোতস্বিনী তামুলী , শচীন শৰ্মা , মিন্টু শইকীয়া , ৰিন্টু শইকীয়া , চয়নিকা বৰা , ধৰিত্ৰী বৰুৱা , নিকু দুৱৰা , নীতালি শৰ্মা , দেৱাশিস বুঢ়াগোহাঁই , নিশান্ত বৰদলৈ , ধ্ৰৱজ্যোতি অৰ্জুনা আৰু অংকুৰ ৰঞ্জন ফুকন ৷ গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আজি কেবাখনো নতুন গ্ৰন্থও উন্মোচিত হয় ৷ সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷