যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক চিকিৎসালয়ত ভৰ্তি

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক চিকিৎসালয়ত ভৰ্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱাত বৃহস্পতিবাৰৰ নিশা মহানগীৰৰ আয়ুৰচন্দ্ৰা হাস্পাতালত ভৰ্তি কৰোৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক।বৰ্তমান হাস্পতালখনত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী।বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই।জুবিনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।চিকিৎসকে যাৱতীয় পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰাত সুস্থ হৈ উঠে জুবিন।হাস্পতালখনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ।আয়ুৰচন্দ্ৰা হাস্পতালৰ কৰ্তৃপক্ষই চিকিৎসকৰ এটা দল গঠন কৰি তেওঁৰ স্বাস্থ্যৰ ওপৰত ২৪ ঘণ্টাই নজৰ ৰাখিছে।ই চি জিকে ধৰি আন যাৱতীয় পৰীক্ষাসমূহ ইতিমধ্যে সম্পন্ন কৰা হৈছে। উল্লেখযোগ্য যে,কিছুদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত ভোগী আছিল জুবিন গাৰ্গ। ইফালে জুবিনৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছত তেওঁৰ যথেষ্ট অনুৰাগীয়ে ভিৰ কৰিছেগৈ হাস্পাতালত।