যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনলৈ জন্মদিনৰ শুভেচ্ছা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

Pc Hindustan Times

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনলৈ জন্মদিনৰ শুভেচ্ছা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব কন্ঠশিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন। তেওঁৰ জন্মদিনটোক অনুৰাগীসকলে উত্‍সৱ হিচাপে পালন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক তেওঁৰ ওপজা দিনৰ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰযোগে জন্মদিন শুভকামনা জনালে মুখ্যমন্ত্ৰীয়ে। তেওঁ লিখিছে, ‘‘আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো জুবিন! মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আপোনাক সুস্বাস্থ্যৰ আশীৰ্বাদ দিয়ক, আৰু আপুনি আপোনাৰ সুমধুৰ গীতবোৰেৰে আমাক আকৰ্ষিত কৰি থাকক।’’