যুদ্ধ – যুগান্ত দাস

Pc- Braeside School

যুদ্ধ

যুগান্ত দাস

যুদ্ধৰ কোনো বতৰ নাই
গ্ৰীষ্ম কি বৰ্ষা
শৰৎ কি হেমন্ত
যুদ্ধই ৰচিব পাৰে ধ্বংসৰ ইতিহাস
পেৰাৰ জাপ কাপোৰতো আঁকিব পাৰে
আৰ্তনাদৰ চিত্ৰ ।
ৰাজপথৰ পৰা খেতি পথাৰ
সুউচ্চ অট্টালিকাৰ পৰা জুপুৰিলৈকে
যুদ্ধই জোকাৰি যায় ।
যুদ্ধ বাৰু কোনে বিচাৰে ??
যি যুদ্ধ‌ই একোটা সভ্যতাক হত্যা কৰে
যুদ্ধৰ কুচকাৱাজত. কঁপি উঠে
গৰ্ভৱতী বসুন্ধৰাৰ. বক্ষ ।
যুদ্ধৰ শেষ বিলাপ
যুদ্ধৰ শেষ প্ৰলাপ
এন্ধাৰ ৰাতিৰ কলিজা কুৰুকি ওলোৱা
শৰীৰৰ কঁপোৱা এটা
অশৰীৰি শিহৰণ ।
যোৱা ৰাতি এখন যুদ্ধ মোৰ মূধচত
আনখন তোমাৰ চোতালত
যুদ্ধ নিনাদত কঁপি কঁপি ঢলি পৰিছিল
এটা শেষ নোহোৱা সাধু
য’ত লুকাই আছিল
কিছু শান্তি , কিছু প্ৰত্যয়
আৰু এবুকু সম্ভাৱনা ।