যশৱন্ত সিনহা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীদলৰ প্ৰাৰ্থী

যশৱন্ত সিনহা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীদলৰ প্ৰাৰ্থী 

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধী দলসমূহে প্ৰাক্তন বিত্ত মন্ত্ৰী যশৱন্ত সিনহাক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। পূৰ্বে সিনহাই টিএমচিৰ পৰা পদত্যাগ কৰি কয় যে এতিয়া বৃহত্তৰ ৰাষ্ট্ৰীয় কাৰ্য্যৰ সময় আহি পৰিছে। সোমবাৰে পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য বিৰোধী প্ৰাৰ্থী হিচাপে নিজৰ নাম প্ৰত্যাহাৰ কৰা তৃতীয়জন ব্যক্তি হিচাপে পৰিগণিত হয়।