যশয়ন্তীবেন পপাত আৰু লিজ্জত পাপৰ-দেৱীকা বৰপূজাৰী

যশয়ন্তীবেন পপাত আৰু লিজ্জত পাপৰ

এয়া আমাৰ দেশৰেই ৯৪ বছৰীয়া মৰম লগা মহিলা- যশবন্তিবেন পপাটৰ জীৱন যাত্ৰাৰ দীঘলীয়া কাহিনী। পপাট ভাৰতৰ অধিক বর্ষিয় ব্যৱসায়ী মহিলা ; যি আঠ গৰাকী সমান উদ্যমী মহিলাৰ এগৰাকী । কিন্তু ‘মহিলা গৃহ উদ্যোগ লিজ্জত পাপৰৰ স্ৰষ্টা এই উদ্যমী মহিলা গৰাকী। ১৯৫৯ চনত পপাতে মাত্ৰ ৮০ টকা, তাকো সমাজকৰ্মী এজনৰ পৰা ধাৰ লৈ ! আমাৰ বহুতেই হয়তো এই নামটোৰ লগত পৰিচিত নহয় কিন্তু সৰহ ভাগ ভাৰতীয়ই তেওঁৰ এই উৎপাদন নিশ্চয় টেষ্ট কৰিছে। লিজ্জত পাপৰৰ জন্ম হয় দক্ষিণ মুম্বাইৰ ঘন বসতিপূৰ্ণ এলেকা- Girgaon ত। মহিলা সকলৰ স্বামী সকলে অৰ্জন কৰা ধনেৰে ঘৰ নচলে বাবেই পপাতে একেই বয়সৰ, একেই উৎসাহী আঠ গৰাকী মহিলা লৈ নিজে থকা বিল্ডিং ৰ টেৰেচত প্ৰথমে পাপৰ তৈয়াৰ কৰা কাম আৰম্ভ কৰিলে। আচলতে এইগুজৰাটী গৃহিনী সকল এটা কামতেই পাৰ্গত, সেয়া হৈছে ভাল ৰন্ধা বঢ়া কৰা। পপাত ৰ প্ৰকৃত উদ্দেশ্য হৈছে, আমাৰ দেশৰ মহিলা সকল সাহসী হৈ আর্থিকভাবে স্বাৱলম্বী হোৱাটো। এই কৃৎকার্যতাৰ যাত্ৰাত পপাতে অসংখ্য মহিলাক প্ৰশিক্ষণ দি আৰ্থিক ভাৱে স্বাধীন হবলৈ উৎসাহ দিছিল। সেই ৮০ টকাৰে আৰম্ভ কৰা ব্যৱসায় আজি ৮০০ কোটি টকাৰ turn over ৰে মাল্টি মিলিয়ন ডলাৰ উদ্যোগ লৈ ৰূপান্তৰিত হৈ উঠিল। মহিলা গৃহ উদ্যোগত আজি প্ৰায় ৪৫০০০ মহিলা কৰ্মীয়ে কাম কৰি আছে। বৰ্তমান লিজ্জত পাপৰ সমগ্ৰ দেশতে বিক্ৰী হোৱাৰ ওপৰিও আন আন দেশলৈ, যেনে, ইংলেণ্ড, আমেৰিকা, চিংগাপুৰ, থাইলেণ্ড আৰু নেদাৰলেণ্ডলৈকো যায়। যশৱানতিবেন পপাতৰ নিজা কোনো শিক্ষা নাছিল, যেতিয়া এই ব্যৱসায় তেওঁ আৰম্ভ কৰিছিল। কিন্তু, তেওঁৰ আছিল অদম্য সাহস আৰু একাগ্ৰতা- ব্যৱসায়ৰ দ্বাৰা কিদৰে লাভবান হব পাৰি, তাৰ সপোন ! ক্ৰমশঃ, এই লিজ্জত পাপৰ মহিলা উদ্যোগে খাকৰা ( khakra ) মছলা বৰি, বেকাৰী উৎপাদন, ঘেঁহু পিছোৱা ফ্লুৰ মিল, জুইশলা, ধূপ, ছপাশাল- আদি অলেখ উদ্যোগৰ জন্ম দিছে। আজি সেই সাত গৰাকীয়েই নাই, কেৱল পপাত হে জীৱিত আছে। এটা অতি সুন্দৰ মানৱীয়তা গুণ পপাতৰ যে, তেওঁ কোনো এগৰাকী মহিলা কৰ্মীকেই ‘কৰ্মচাৰী ‘ বুলি গণ্য নকৰে কিন্তু সকলোকে এই বৃহৎ উদ্যোগৰ ‘ মালিকণী ‘ বুলিহে গণ্য কৰে। ভাৰত চৰকাৰে এইবছৰ যশৱনতিবেনক পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰিলে।

 

দেৱীকা বৰপূজাৰী,

মুম্বাই