” মোৰ ভ্ৰমণ কাহিনী “- হিমাদ্ৰী বৰকটকী

Pc- Harvard Health

” মোৰ ভ্ৰমণ কাহিনী “

ভ্ৰমণ মোৰ বৰ প্ৰিয়। মই ফুৰি খুব ভাল পাওঁ। আমি প্ৰায়েই এবছৰৰ মুৰে মুৰে ফুৰিবলৈ যাওঁ। মোৰ শহুৰ দেউতাৰ অস্তি লগাবলৈ আমি ২০১৭ চনত ৰামেশ্বৰমলৈ গৈছিলোঁ। মই , মোৰ স্বামী, ল’ৰা ছোৱালী দুটা আৰু মোৰ মা গৈছিলোঁ। বৰ ভাল লাগিছিল সেই যাত্ৰাটো। প্ৰথমে আমি গুৱাহাটীৰ পৰা চেন্নাইলৈ flight ত গʼলো। তাৰ পিছত ৰামেশ্বৰমলৈ আমি train অত গʼলো। Train অৰ পৰা নামি আমি ভাড়া গাড়ীত গৈ ৰামেশ্বৰম পালোগৈ। তাত আগৰ পৰাই ঠিক কৰি থোৱা hotel পালোগৈ। বৰ ধূনীয়া hotel খন সাগৰৰ পাৰত। পিছদিনা আমি ৰাতিপুৱা অস্তি বিসৰ্জন দিবলৈ গʼলো সাগৰৰ পাৰলৈ । তাত নিয়ম নীতি অনুসৰি শহুৰ দেউতাৰ অস্তি বিসৰ্জন দিয়া হ’ল। তাৰপিছত আমি ৰামেশ্বৰম মন্দিৰ দৰ্শন কৰিলোঁ। আৰু ৰাম সেতু দৰ্শন কৰিলোঁ। বৰ ধূনীয়া ঠাই। ভাল লাগিল চাই আমাৰ। পিছদিনা আমি কন্যাকুমাৰী আহিলোঁ।
কন্যাকুমাৰীত দুৰাতি থাকি তাৰপিছত আমি flight অত কেৰেলা আহিলোঁ । বৰ ভাল লাগিল কেৰেলা খন ফুৰি । River Boating কৰি বৰ ভাল লাগিল ।
কেৰেলাত ৩ দিন থাকি আমি আকৌ flight অত বাংগালোৰ আহিলো। বাংগালোৰত ৩ দিন থাকিলোঁ।
এদিন Mysore গʼলো চাবলৈ। বৰ ভাল লাগিল চাই।
বাংগালোৰত তিনি দিন থাকি আমি flight অত গুৱাহাটী আহিলোঁ । গুৱাহাটীত এৰাতি থাকি পিছদিনা আমি নগাঁও ৰাওনা হʼলো । বৰ ভাল লাগিল আমাৰ trip টো । দিঘলীয়া আছিল যাত্ৰা টো। কিন্তু বৰ enjoy কৰিলোঁ আমি ।

হিমাদ্ৰী বৰকটকী
নগাঁও