বিখ্যাত এক টকাৰ চিকিৎসক সুশোভান বেনাৰ্জীৰ মৃত্যু

Pc ABP Live

বিখ্যাত এক টকাৰ চিকিৎসক সুশোভন বন্দ্যোপাধ্যায়ৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগত প্ৰায় ৬০ বছৰ ধৰি মাত্ৰ এক টকাৰ বিনিময়ত ৰোগীৰ চিকিৎসা কৰা বিখ্যাত এক টকাৰ চিকিৎসক সুশোভন বন্দ্যোপাধ্যায় মৃত্যু হৈছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰে, “ড০ সুশোভান বন্দোপাধ্যায়ে মানৱতাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতীক। তেওঁক এজন দয়ালু আৰু ডাঙৰ হৃদয়ৰ ব্যক্তি হিচাপে স্মৰণ কৰা হ’ব যিয়ে বহুতো লোকক আৰোগ্য কৰিছিল।”