শাওঁন পৰক ¸দিয়া ….-প্ৰণয় ৰয়

Pc India Today

বাৰিষাৰ চিঠি

শাওঁন পৰক ¸দিয়া ….
(পথাৰেই চহা জীৱনৰ অমৃত আধাৰ)

মৰমৰ…
শাওঁন পৰক দিয়া৷ তোমাৰ চহৰলৈ যাম৷ ৰুণ-জুন বৰষুণত ভিজি তোমাৰ স’তে গাম এহেৰুৱা স্মৃতিৰ গান৷ মনত আছেনে… বহাগত নেঘেৰি খোপাত গুজি দিয়া কপৌ ফুলপাহিৰ কথা/ মৰমে উতলা আবেগ… মোক লাজ লাজকৈ সাৱটি ধৰাৰ কথা পাহৰিলা নেকি… নিশাৰ বিহুতলিৰ চুকৰ এন্ধাৰ আৰু আৰচোৰকৈ বিহুৱান যাচি সেৱা জনোৱাৰ কথা/ বুকুখন বৰকৈ বিষাইছে৷ ৰৈ ৰৈ মনত পৰিছে বিহুতলিৰ সেই নৱনীত্‌ নিশাটিৰ কথা৷
শাওঁন পৰক দিয়া৷ তোমাৰ চহৰলৈ যাম৷ ৰুণ-জুন বৰষুণত ভিজি তোমাৰ স’তে গাম এহেৰুৱা স্মৃতিৰ গান৷ কৃষ্ণচূড়াৰ তেজৰঙী ছাঁত বহি তুমি সিদিনা অনেক কথাই কৈছিলা৷ জিলিৰ বিৰামহীন মাত আৰু আম-কঁঠাল পকা জেঠৰ ৰ’দ-ৰুক্ষ উত্তাপ! ঘামে গা ধুৱাইছিল আমাক৷ সেই স্মৃতিকাতৰ দিনটোৰ কথা জানো পাহৰিব পাৰি… তোমাৰ শৰীৰত ৰঙা ৰিহা মেখেলাৰ মনোৰম কান্তি, উঁঠত বৈ পৰা অম্লান হাঁহিটি… অনুভূত হয় সোঁ বাউসীত অনামিস্পৰ্শানুভূতিয়ে পুলকিত কৰা তুমি যেন এখনি খৰস্ৰোতা নদী৷ মই হাতখন চুই চাব খোজোতেই তুমি কৈছিলা- ‘দুষ্ট তুমি’… ক্ষণিক মৌনতাৰ পিছত দূৰলৈ আঙুলিয়াই দিছিলা আৰু কৈ উঠিছিলা- সৌৱা চোৱা, চঞ্চল মেঘালী আকাশত ৰঙ ছটিয়াই মঙহাকৈ ফুলিছে কৃষ্ণচূড়া৷ জিভাত কামোৰ দি আকৌ কৈছিলা… নহয় যোৱা, গছৰ ডালত ফুলা নাই কৃষ্ণচূড়া, ফুলিছে তোমাৰে-মোৰে ৰঙা কলিজাৰ তেজজ্ব বাঙ্ময় প্ৰেম!
মনত আছেনে… জীয়া জীয়া সেই বে-ফিকিৰ পল-অনুপলবোৰৰ কথা! সোণাৰুবুলীয়া পথচৈৰ সোঁতে সোঁতে উভোতাৰ পৰত মুঠি মুঠিকৈ ভালপোৱাৰ সেউজীয়া দুহাতত লৈ, অনুভূতিৰ নৈছিয়াৰে ৰৌদ্ৰালী সময়ক সী মোৰ দুহাতত গুজি দিছিলা আশা আৰু বিশ্বাসৰ এধাৰি মালা৷ তেতিয়াই দিছিলো তোমাক বুকুৰ সমস্ত ভৰসা৷ … তুমি কৈছিলা- ‘তোমাৰ ভাত, মোৰ পেট’ আৰু লাজ লাজকৈ হাঁহি জপিয়াইছিলা নিলিমাত মুখ লুকুৱাবলৈ… তেতিয়া জানা, তোমাৰ ডিম্পলী দুগালত গুলপীয়াকৈ ফুলি উঠিছিল ৰাধাচূড়া/ কথাবোৰ ভাবিলেই এনে লাগে, সিদিনা নহয়, যেন অথনিহে গাঁৱৰ উতলা পথছৈৰ সোঁতত আমি উটুৱাই দিছিলো এজাৰৰ বেঙুনীয়া পাপৰিৰ পাল… য’ত লিখিছিলো তোমাৰে-মোৰে নাম৷ ‘ধেৎ কেঁচুৱাটি কৰবাৰ’ বুলি কৈ তুমি হাঁহিছিলা৷ ঠিক তেতিয়াই সময়ৰ ৰং তুলিকাৰে তোমাক আকি থৈছিলো মোৰ কেঁচা কলিজাৰ কোঁহে কোঁহে৷ তোমাৰ উঁঠত বৈ পৰা অম্লান হাঁহিৰ ঊৰ্মিকাই আজিও মোক ৰৈ ৰৈ আমনি কৰে৷ মন গলেই উলিয়াই চাও আহাৰিয়া নৈয়ে সাৱটি ধৰা দিগন্তৰ অস্তৰাগী বেলিটিৰ সেই ৰঙৰ মহোৎসৱ! তোমাৰ গালে-মুখে ছিটিকি পৰিছিল বেলিৰ বৰ্ণালী৷ সূযাৰ্স্তৰ সেই অপৰূপ পৰত সোঁ কান্ধত আলফুলে মুৰ থৈ তুমি কৈছিলা- আকৌ এটা নতুন দিনে এন্ধাৰৰ গৰ্ভত থিতাপি ললে ন’! এন্ধাৰ-পোহৰৰ আলো-ছায়াৰ আস্বাদনত আস্বাদিত হৈ উভতি অহাৰ পৰত তুমি বাৰুকৈয়ে ছাটি-ফুটি কৰিছিলা৷ হয়তো ভাবিছিলা, মই কৰোবাত হেৰাই যাম বুলি! তোমাৰ আস্থাবোৰ গঢ় কৰিবলৈ গৈ আছো তোমাৰ চহৰলৈ৷ অ’ তোমাকযে নৈৰ চাপৰিত সজা আমাৰ পামখন দেখুৱাবলৈ নিছিলো, সেইখন এতিয়া আৰু নাই জানা!  যোৱাবাৰ প্ৰথম বাৰিষাৰ বানে উছন কৰিলে৷ নৈয়ে বক্ষ বহলাই তাতো নিজাকৈয়ে ঘৰ সাজিলে৷ নৈৰনো দোষ কি! কঠিন শিলৰ বুকুফালি উলাই অহাৰ পিছতো নৈয়ে পোন বাটেৰে বব নোৱাৰে৷ যি ফালেৰেই আলসুৱা মাটি পায় সেই ফালেৰেই বাট কাটি মহতিয়াই গুছি যায়৷ ই যে নৈৰে প্ৰকৃতি প্ৰদত্ত চাৰিত্ৰিক বৈশিষ্ট সেয়ে চাগৈ নৈ চঞ্চল একা-বেঁকা৷ যোৱাটো বাৰিষাৰ বানে আইকো উটুৱাই নিলে! সেয়ে চাগে মাজে মাজে বাৰুকৈয়ে অকলশৰীয়া অনুভৱ কৰো৷ অধীৰ হৈ পৰো৷ … তোমাক বাদে দুখবোৰ ভগাই লবলৈ মোৰনো আছে আৰু কোন! বানৰ প্ৰকোপত খেতিও ভাল নহ’ল যোৱাবাৰ৷ কৃষি বিভাগে যোগান ধৰা উন্নত জাতৰ বীঁজ ৰোপণ কৰি সোণ হালধীয়া ধানৰ সলনি চপাইছিলো পতান৷ এইবাৰ পিছে সকলো নিজাকৈয়ে কৰিছো৷ আজুককাৰ দিনৰে পৰা চলি অহা ব্যৱহাৰিক জ্ঞানেৰে৷
অ’ পাহৰিছিলোয়েই… তুমি আমাৰ খুৰাৰ কথা সুধিছিলা নহয়… ফটোতহে দেখিছো তেওঁক৷ আইয়ে কৈছিল- খুৰা হেনো সুখ্যাতিৰে বি.এ পাছ কৰিছিল৷ তেওঁহে ৰিজাল্ট দিয়াৰ আগতে কাকো একো নোকোৱাকৈ সংগোপনে অৰণ্যলৈ গুছি গৈছে৷ তেওঁক হেনো ‘স্বাধীন অসম’ লাগে৷ তেওঁ জী আছেনে নাই তাকো নাজানো৷ খুৰাক বিচাৰি আগতে প্ৰায়ে আমাৰ ঘৰলৈ সেনাৰ জোৱান আহিছিল৷ আ…. আৰু এদিন কেইটামান পাষণ্ড সেনাই খুৰাক ভালপোৱা ছোৱালীজনীক ধৰ্ষণ কৰিছিল৷ (এইবোৰ বুজন বয়সত আইয়ে কোৱা কথা) পিছত তাই এটা পিতৃ পৰিচয়হীন পুত্ৰ সন্তান জন্ম দিছিল৷ গাঁওৰ সমাজে তাইক এঘৰীয়া কৰিছিল৷ তাইৰ সেই সন্তানটিক আইয়ে আনি ডাঙৰ কৰিছিল৷ আইয়ে তাক মৰমতে সোণ বুলি মাতিছিল৷ সোণ মোৰ সহোদৰ আছিল৷ ভাল ফুটবলো খেলিছিল৷ …সিদিনা আমি মামাহঁতৰ ঘৰত থাকোতেই ঘৰত অকলে থকা বাবাক গুপ্তঘাতকে গুলীয়াই মাৰিছিল৷ তেতিয়া মই প্ৰথম শ্ৰেণীত পঢ়ো৷ সোণৰ স্কুল যাব পৰা বয়সেই হোৱা নাছিল৷ সেই সোণটিও মোক নিঠৰুৱা কৰি কা আন্দোলনৰ উত্তাল সময়তেই নিষিদ্ধ সংগঠনলৈ গুচি গ’ল… বাৰু থাকক দে, দুখবোৰ তো মোৰেই সম্পদ৷ দুখবোৰত বাদে নিজস্ব সম্পদ বুলিবলৈ মোৰ যে আৰু একোৱেই নাই!
শাওঁন পৰক দিয়া৷ তোমাৰ চহৰলৈ যাম৷ এতিয়া জানা পথাৰত বৰ ব্যস্ত৷ বাৰিষাত যে পথাৰেই চহা জীৱনৰ ঘৰ হৈ পৰে৷ তোমাক কৈছোৱেই দ’ মাটি বুলিবলৈ এডৰাও নাই৷ যি আছে সকলো বাম৷ তাকেই চহাই মৈয়াই চিকুনাই থলো৷ জলসিঞ্চনৰ ব্যৱস্থা নাই যে, সেই ৰ’ লাগি চাই থাকো আকাশলৈ৷ কৃষি বিষয়া এজনে অগভীৰ নলীনাদ বহুৱাই মাটিডৰাত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছিল৷ পিছে মোৰহে সত নগল ধুনীয়া পৃথিৱীখনিক ঘুনীয়া কৰিবলৈ৷ হূদয়েও নকলে৷ তুমিয়েই কোৱাচোন সকলোৱেই যদি অগভীৰ নলী-নাদ বহুৱাই পৃথিৱীৰ ভূ-ভাগত প্ৰকাণ্ড প্ৰকাণ্ড খালৰ সৃষ্টি কৰে তেতিয়া সাধাৰণ ভূমিকম্পতে পৃথিৱীখন ভূগৰ্ভত সোমাই নাযাবনে, এতিয়া যিহে বাঢ়িছে ভূমিকম্পৰ প্ৰকোপ! ইমান নদ-নদী থকাৰ পিছতো আমাকনো কিয় অগভীৰ নলী-নাদ ব্যৱস্থাৰ জলসিঞ্চন লাগেঞ্জ সেয়ে নকৰিলো৷ অপেক্ষা কৰো বৰষুণ অহালৈ৷ শাওঁনত ঘন হয় বৰষুণ৷ বৰষুণৰ ৰাগত বাম মাটিয়ে প্ৰাণ পায়৷ বান আহে৷ বান আহিলে বৰ কষ্ট হয় অ’৷ জেঠৰ খৰাং আৰু ৰ’দ-ৰুক্ষতাৰে প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে মাটি পৰিশোধন কৰে৷ এইবাৰ পিছে জেঠৰ খৰাং নহ’ল৷ দিলে মুষলধাৰ বৰষুণ৷ বান আহিল৷ বানে নিঠৰুৱা কৰিলে সকলোকে৷ আমতি ছুৱা (অম্বুবাচী) আগতে কৃষকে কঠিয়া সিঁচিব নোৱাৰিলে এইবাৰ৷ মানুহৰ অত্যাচাৰে প্ৰকৃতিক খিয়ালি কৰি তুলিলে৷ সেয়ে চাগে বতৰো সলনি হ’ল৷ শাওঁনত যদি বৰষুণ নহয়, খেতিৰ ভাত খাই জীয়াই থকাই মস্কিল হ’ব৷ তথাপিও আশাহত হোৱা নাই৷ শাওঁনত ৰুণ—জুনকৈ বৰষুণ দিব৷ খেতিও নদন-বদন হৈ উঠিব৷
পিছে কাকনো কি কবা/ স্বাধীনতাৰ পিছৰে পৰা দেশত বহুতেই বহুবাৰ ৰজা হ’ল৷ বান-গড়াখহনীয়াৰ সমস্যাৰহে সমাধান নহ’ল, জলসিঞ্চনৰো সু-ব্যৱস্থা নহ’ল৷ চৰকাৰী আঁচনিবোৰ ৰজাই ভিজি ভালপোৱা টকাৰ বৰষুণ হ’ল৷ কিমান যে মাটি-ভেটি নৈৰ বক্ষত গ’ল, ক’ত পৰিয়াল অঘৰী হ’ল কোনে ৰাখিছে কাৰ খবৰ… আমি ভূমি পুত্ৰ নোহোৱাহ’লে চাগৈ আমাৰ পিঠিতো ‘সন্দেহযুক্ত নাগৰিক’ৰ মোহৰ লগাই উপহাস কৰিলেহেঁতেন এচামে৷ বাৰু থাকক দিয়া, ৰাজনৈতিক কথা এইবোৰ৷
শাওঁন পৰক দিয়া৷ দুদিনৰ বাবে তোমাৰ চহৰলৈ যাম৷ ভূমিস্খলনে ধবংস স্তুপত পৰিণত কৰা তোমাৰ চহৰৰ অলিয়ে গলিয়ে ভ্ৰমি ফুৰিম৷ তুমিও ওলাবা হা৷ আমি পঢ়া মহাবিদ্যালয়খনলৈও এবাৰ যাম৷ এপলক বহি তুমি ভালপোৱা বকুল ফুল বুটলিম৷ তুমি ভালপোৱা বাবেই আমাৰ পদূলিতো দুজোপা ৰুইছিলো৷ এইবাৰ প্ৰথম ফুলিছে৷ পুৱা-গধূলি আমোল-মোলাই গোন্ধাই থাকে৷ তোমাক সুঁৱৰি মই জানা… প্ৰায়েই গুণ গুণাও বীৰেণ দত্তৰ সেই বিখ্যাত গীতটি … ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই…’ গীতটিয়ে তোমাৰ স্মৃতিবোৰ সজীৱ কৰি তোলে৷ বৰ দীঘলকৈ লিখিলো নেকি! পঢ়ি পঢ়ি তোমাৰ চাগে আমনিয়েই লাগিছে৷ লিখাৰো অভ্যাস নোহোৱা হ’ল যে… ৰূঢ় বাস্তৱৰ স’তে যুঁজ-বাগৰ কৰি কৰি হূদয়ৰ ভাষাবোৰো হেৰাই গ’ল৷
মই চাকৰি নকৰাৰ বাবেই তুমি আজিও দুখ অনুভৱ কৰা ন’! মোৰো মন আছিল প্ৰশাসনিক সেৱা বিষয়া হোৱাৰ৷ এতিয়া পিছে এনেকৈয়ে ভাল লাগে৷ ককতে-পত্ৰই পঢ়িয়েই আছা নহয় সেৱা বিষয়াৰ কলংকিত অধ্যায়ৰ কাহিনী৷ কেতিয়াবা ভাবি আচৰিত হওঁ- অযোগ্যজনে বাৰু কেনেকৈ যোগ্যতা আৰ্জিব পাৰে! নীতি-আদৰ্শ, নৈতিকতাবোধ বুলিবলৈকে নাইকিয়া হ’ল৷ যিসকলক দক্ষ বিষয়া বুলি ধাৰণা কৰো, সেই সকলেও এচাম মতলবী ৰাজনৈতিক নেতাৰ গোলামত পৰিণত হ’ল৷ কি দৰকাৰ আছিল ইমান পঢ়া-শুনা কৰাৰ! চাকৰি নকৰি ভালেই কৰিছো৷ কাৰো ওচৰত শিৰ নত নকৰি আকাশলৈ মূৰ তুলি চাই স্বাভিমানেৰে জীয়াই আছো৷ তুমিয়েই কোৱা- সত্বাক জানো বিসৰ্জন দিব পাৰি! তোমাৰ চাগে টোপনিয়েই আহিল, সামৰিছো বাৰু…
শাওঁন পৰক দিয়া৷ ভূমি…লনে ধবংস স্তুপত পৰিণত কৰা তোমাৰ চহৰলৈ, তোমাক আনিবলৈ যাম৷ বহু কিবাকিবি অজুহাত দেখুওৱাৰ পিছত সিদিনা প্ৰশাসনে তোমাৰ চহৰলৈ যোৱাৰ অনুমতি দিলে৷ বাৰে বাৰে বিষয়াজনে কৈছিল- ভূমিস্খলনে বাট-পথ উছন কৰিছে আৰু দুদিন পিছত গ’লে নহয়নে… মোৰ কবৰ মন গৈছিল- জেঠত আইৰ বছৰেকীয়া তিথি গ’ল৷ এতিয়া আৰু আহিন অথবা মাঘ-ফাগুনলৈ বাট নাচাওঁ, কিন্তু নকলো৷
শাওঁন পৰক দিয়া৷ তোমাৰ আইয়ে-পিতাইয়ে আশীষ নিদিলেও এইবাৰ একেবাৰে নিজৰ কৰি আনিম৷ দুয়ো বৰষুণত ভিজিম৷ পথাৰত বোকা দিম৷ তুমি কঠিয়া তুলিবা, ভুই ৰুবা৷ সেইতী-মালতীহঁতৰে জাকৈ বাবা৷ জোকে ধৰিলে ভয় নাখাবা, হাতত ‘থু’ অকমান লগাই লাহেকৈ এৰুৱাই দিবা… আৰু মই পথৰুৱা সৰু সৰু আলিত বহি শাওঁনৰ বৰষুণত ধুই নিয়া তুমিজনীক নয়নভৰি চাম৷ বোকাৰ গোন্ধত দুয়ো মতলীয়া হম৷ বৰষা ঋতুৱে অধীৰ কৰা মাটিৰ কোমল সুৰেৰে গাম জীৱনৰ গান… জানাইতো লখিমী-গৃহিনী অবিহনে লহপহাই নুঠে চহা সেউজীয়া৷ ভৰুণ নহয় পথাৰ৷ পথাৰেই চহা জীৱনৰ অমৃত আধাৰ৷
শাওঁন পৰক দিয়া৷ তোমাৰ চহৰলৈ যাম৷ ৰুণ—জুন বৰষুণত ভিজি তোমাৰ স’তে গাম এহেৰুৱা স্মৃতিৰ গান৷

প্ৰণয় ৰয়, গোৱালপাৰা