মোৰ বিদায় বেলিকাত – চুমিয়া আকতাৰা

PC - iStock
মোৰ বিদায় বেলিকাত
চুমিয়া আকতাৰা, উদমাৰী, নগাঁও 
মোৰ বিদায় বেলিকাত
তুমি নাকান্দিবা দেই।
মোৰ হাতখন জোৰেৰে
ধৰি ৰাখিবা দেই।
মোৰ মুখখন খেপিয়াই,
মোৰ কপালত
তোমাৰ দুটি ওঁঠৰ
চাপ বহুৱাই দিবা।
লাহে লাহে মোৰ মূৰত
হাত বোলাই দিবা।
মোৰ অনুপস্থিতিত
মোক বিচাৰি
হাবাথুৰি নাখাবা।
নতুন এজনৰ আগমণত
অস্থিৰ নহৈ
মৰমেৰে সম্ভাষণ জনাবা।
নতুন অধ্যয় আৰম্ভ কৰিবা।
উলাহৰ নতুন পৰশত
মোৰ বিষাদ কালিমা
তোমাৰ মনলৈ নানিবা।
মোৰ চিন্তা নকৰিবা।
মই তৰা হৈ জিলিকি
তোমাৰ মুখত
হাঁহি বিৰিঙাম।
জোন হৈ পোহৰ দি
তোমাক নতুন জীৱনৰ
শুভেচ্ছা জনাম।
মেঘৰ জৰিয়তে
স্বৰ্গীয় মৰম প্ৰীতি
তোমালৈ পঠিয়াম।