মোৰ দাবী – আলমিনা খাতুন

মোৰ দাবী
আলমিনা খাতুন, সাপটগ্ৰাম 
ফুল হৈ ফুলিবা তুমি,
তৰা হৈয়ো জিলিকাবা,
মাছৰ দৰে মোৰ কলিজাত সাতুৰিবা,
কেতিয়াবা জোকাৰ হৈ জমনি কৰিবা,
কেতিয়াবা ৰং হৈ সানিবা,
খং উঠিলে মৌন হৈ থাকিবা,
মই ভুল কৰিলেও একো নক’বা,
মই হাঁহিলে তুমি হাঁহিবা,
মই কান্দিলে তুমি কান্দিবা,
এইকেইটাই দাবী মোৰ আখৰে আখৰে পালন কৰিবা।