মৈৰাবাৰী কলেজত ড্ৰাগছ বিৰোধী সজাগতা সভা

মৈৰাবাৰী কলেজত ড্ৰাগছ বিৰোধী সজাগতা সভা

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা –  আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত মৈৰাবাৰী কলেজত নিষিদ্ধ ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্না নটৰাজৰ নেতৃত্বত মৰিগাঁওত প্ৰায় ৩৫কোটি টকা মূল্যৰ বৰবিহ স্বৰূপ নিষিদ্ধ ড্ৰাগছ দাহন কাৰ্য সম্পন্ন কৰাৰ পাছত আজি মৈৰাবাৰী কলেজত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰে। সভাত অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত থকা সমাজ সচেতন লোক সকলকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকল, মহিলা সমাজ আৰু জেষ্ঠ্য ব্যাক্তি সকলকে ধৰি প্ৰায় ৫ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।মৈৰাবাবাৰী কলেজৰ অধ্যক্ষ চামচুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সজাগতা সভাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্না নটৰাজন উপস্থিত থাকে। ইপিনে ড্ৰাগছৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষনা কৰা মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাব্বিৰ আলীক ধন্যবাদ জ্ঞাপন কৰি আৰু কয় মৈৰাবাৰী ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মৈৰাবাৰী ৰাইজৰ সহযোগিতা লাগে বুলি আৰক্ষী অধীক্ষক অপৰ্না নটৰাজনে মন্তব্য প্ৰকাশ কৰে। সভাত ৰাষ্ট্ৰপতি পুৰুস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰহম আলী বিশিষ্ট সাংবাদিক ছামছুল আলম সমাজ কৰ্মী জহিৰুল ইছলাম মুক্তাৰ ডাক্তৰ জয়া বৰাকে ধৰি কেইবাজনো ব্যক্তিয়ে ড্ৰাগছৰ পৰা কেনেকৈ যুৱ প্ৰজন্মক আঁতৰাই আনিব পাৰি তাকে ভাষন প্ৰদান কৰে।