মৈৰাবাৰীত বানপীড়িত সকলৰ বুজ লবলৈ উপস্থিত সাংসদ গৌৰৱ গগৈ

মৈৰাবাৰীত বানপীড়িত সকলৰ বুজ লবলৈ উপস্থিত সাংসদ গৌৰৱ গগৈ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  আজি মৰিগাঁও জিলাৰ বৃহত্তৰ মৈৰাবাৰীৰ বহু কেইখন বানপীড়িত গাওঁ পৰিদৰ্শন কৰে সাংসদ গৌৰৱ গগৈয়ে। উল্লেখ যে নগাওঁ মৰিগাঁও জিলাৰ হিমামূৰীয়া মুৱামাৰি অঞ্চলত বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মথাউৰি খহাই অঞ্চলৰ লোক সকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰি আহিছে। যোৱা কালি মৈৰাবাৰী অঞ্চলৰ পৰা এদল সচেতন যুৱক অঞ্চলটোত উপস্থিত হৈ শ্ৰম দান কৰি মথাউৰী নিৰ্মাণৰ বাবে প্রয়াস কৰা পৰিলক্ষিত হৈছিল। আজি মুৱামাৰি অঞ্চলত বানপীড়িত লোক সকলৰ ওচৰত উপস্থিত হয় কংগ্ৰেছ দলৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন। অঞ্চলটোত উপস্থিত হৈ পৰিবেশৰ বুজ লোৱাৰ লগতে অতি হিগ্ৰে অঞ্চলটোত থকা মথাউৰি খন নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে কলিয়াবৰৰ সাংসদ গৰাকীয়ে।