মেঘালয় আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰোইন

pc- National institute on drugs abuse

ৰঙিলী বাৰ্ত্তাসেৱা-   শুক্ৰবাৰে পুৱা মেঘালয়ৰ আৰক্ষীয়ে মণিপুৰৰ পৰা শ্বিলং অভিমুখে গৈ থকা এম এন ০১ এ এ ০৪৮৪ নম্বৰৰ এখন নাইট চুপাৰ বাছৰ পৰা প্ৰায় ১৪ কোটি টকাৰ হেৰোইন জব্দ কৰে।  বিশেষ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে পুৱা প্ৰায় ৫ বজাত ছাইদেন গাঁৱৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬ ত বাছখন আটক কৰে আৰু তালাচী অভিযানৰ সময়ত বাছখনৰ পিছফালৰ কেবিনত লুকুৱাই ৰখা প্ৰায় ১৫৮ টা চাবোনৰ বাকচত হেৰোইনখিনি উদ্ধাৰ কৰে।  লগতে আৰক্ষীয়ে বাছখনৰ চালক আৰু ছাদ্দাম হুছেইন, ইকবাল হুছেইন আৰু ৰাশী জুদিন নামৰ দুজন হেণ্ডিমেনক আটক কৰে।