মৃত্যুৰ ফিৰিঙতি
কাজি শ্বাহাদত ইছলাম
জনিয়া, বৰপেটা
বিন্দু সুখৰ অন্বেষণত
দুভৰি দুভৰি কৈ
এদল জীৱনে শুই পৰিছিল শিলৰ দলিচাত
সিহঁতৰ অগোচৰে
নামি আহিছিল আন্ধাৰবোৰ ঢল হৈ
বাঢ়ি আহিছিল উশাহৰ আৰ্তনাদ
হঠাতেই চিটিকি পৰিল এটি মৃত্যুৰ ফিৰিঙতি
চকুৰ আগতে চকুৰ পচাৰতে
জীৱনবোৰ হৈ পৰিল এদল ভাসমান শিল
হেঁপাহৰো যে কি অদ্ভুত উষ্ণতা
স্বকীয় শৈলীৰে
কিছুমানৰ ঘাম চুহে
কিছুমানৰ তেজ
কিছুমানৰ জীৱন