মূল্য বৃদ্ধি, নিৱনুৱা সমস্যা, বানপানী আৰু জি এছ টিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী

Pc The Janambhumi

মূল্য বৃদ্ধি, নিৱনুৱা সমস্যা, বানপানী আৰু জি এছ টিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিদিষ্ট কেইজনমান ব্যৱসায়ীক সন্তুষ্ট কৰিবলৈ গৈ দেশত ভয়াৱহ মূল্যবৃদ্ধিত ইন্ধন যোগাইছে। ফলত সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতাৰ উৰ্দ্ধত আজি সমগ্ৰ দেশজুৰি নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি প্ৰায় ভাগ খাদ্য সামগ্ৰীতে জি এছ টি লগাই কৃটিম মূল্যবৃদ্ধিৰ পথ প্ৰশস্হ কৰি দিছে। সৰ্বসাধাৰণ ৰাইজে, বিশেষকৈ দুখীয়া শ্ৰেণীটোৱে আজি পেট ভৰাই দুসাজ খাদ্যও নিয়মিত খাব পৰা অৱস্হা এটা নোহোৱা হৈছে। পেট্ৰল, ডিজেল, খোৱাতেল, দাইল আদি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এতিয়া আমাৰ ৰাইজৰ সহজলভ্য দৈ, চিৰা, পিঠাগুৰি, গুৰতো বিক্ৰী কৰ আৰোপ কৰা হৈছে। ফলস্বৰূপে দুখীয়া ৰাইজেও চৰকাৰক কৰ দিহে খাদ্য সামগ্ৰী ক্ৰয় কৰিবলগীয়াত পৰিছে। আমি কংগ্ৰেছ দলে চৰকাৰৰ এই জনবিৰোধী নীতিৰ ঘোৰ বিৰোধীতা কৰে।আনহাতে বছৰি ২ কৌটি নিৱনুৱাক চাকৰি দিব বুলি বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ৰাইজক প্ৰবঞ্চনা কৰিলে। ২ কৌটিৰ ঠাইত বছৰি দুইলাখ চাকৰিও কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই। দেশত আজি নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। দেশৰ লাখ লাখ নিবনুৱাক সংস্হাপন দিবলৈ আমি দেশৰ অৰ্থনৈতিক ব্যৱস্হাক টনকিয়াল কৰাৰ বাবে দাবী জনালো।তদুপৰি অসমৰ লক্ষ লক্ষ জনগণক বানপানীয়ে জুৰুলা আৰু সৰ্বশ্ৰান্ত কৰি তুলিছে। প্ৰতিশ্ৰুতি অনুযায়ী বানপানীক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিব নোৱাৰোটো তেওঁলোকৰ এটা অন্যতম ব্যৰ্থতা। আনহাতে বান ক্ষতিগ্ৰস্ত ৰাইজক পৰ্য্যাপ্ত সাহাৰ্য্য প্ৰদানতো কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰ ব্যৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ধনৰ আবন্টন নিদিয়াটো বাস্তৱিকতেই উদ্বেগজনক আৰু গৰিহণাৰ যোগ্য। আমি কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ দ্বাৰা ৰাইজক পোনপটীয়া ভাৱে কৰা শোষণ নিষ্পেষণ আৰু বঞ্চনাৰ বিৰোধ কৰাৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিক ধ্বংস কৰাৰ এই ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ ৰাইজক সজাগ হবলৈ আহবান জনাওঁ। লগতে এই উপলক্ষে আজি ৰাজ্যপালৰ কাৰ্যালয় চৌহদ “ৰাজভৱন” ঘেৰাও কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।