দিব্যাংগসকলৰ সৰলীকৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা আঁচনি অনলাইন মাধ্যমত মনোনয়ন/আবেদন দাখিলৰ অন্তিম দিন ২৮ আগষ্ট

Pc Linkedin

দিব্যাংগসকলৰ সৰলীকৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা আঁচনি অনলাইন মাধ্যমত মনোনয়ন/আবেদন দাখিলৰ অন্তিম দিন ২৮ আগষ্ট

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে দিব্যাংগসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় বঁটা আঁচনিৰ অধীনত 2021 আৰু 2022 বৰ্ষৰ বাবে মনোনয়ন/আবেদন বিচৰা হৈছে। ইচ্ছুক আবেদনকাৰীয়ে এই বঁটাৰ বাবে কেবল অনলাইনযোগে মনোনয়ন/আবেদন দাখিল কৰিব লাগিব। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পাছৱৰ্ড সুৰক্ষিত কেন্দ্ৰীয়ভূত প’ৰ্টেল www.awards.gov.in যোগে এই অনলাইন আবেদন কৰিব পাৰিব।

চলিত বৰ্ষত মন্ত্ৰালয়ে এই ৰাষ্ট্ৰীয় বঁটাৰ বাবে যাৱতীয় নির্দেশনাৱলী সৰলীকৃত আৰু যুক্তিসংগত কৰি তুলিছে আৰু বৰ্তমান এই নির্দেশনাৱলী বিভাগীয় ৱেব প’ৰ্টেল www.disabilityaffairs.gov.in আৰু বঁটাৰ বাবে থকা প’ৰ্টেল www.awards.gov.in ত উপলব্ধ কৰা হৈছে।

উল্লেখ্য যে এইবাৰ ব্যক্তিগত উৎকৃষ্টতাৰ বাবে থকা শাখাকেইটা হ’ল ক্ৰমে (১) সর্বশ্রেষ্ঠ দিব্যাংগজন, (২) (ক) শ্রেষ্ঠ দিব্যাংগজন, (খ) শ্রেষ্ঠ দিব্যাংগ কিশোৰ/কিশোৰী, (৩) দিব্যাংগজনৰ হকে কৰ্মৰত শ্ৰেষ্ঠ ব্যক্তি, (৪) দিব্যাংগতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ পুনঃবাস পেছাদাৰী আৰু (৫) দিব্যাংগতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ অনুসন্ধান/উদ্ভাৱন/পণ্য বিকাশ।

দিব্যাংগসকলৰ সবলীকৰণৰ বাবে কাম কৰি থকা প্ৰতিষ্ঠানৰ বাবে থকা ৰাষ্ট্ৰীয় বঁটাৰ শাখাকেইটা হ’ল ক্ৰমে- (১) দিব্যাংগসকলৰ সবলীকৰণৰ বাবে সৰ্বশ্রেষ্ঠ সংস্থা (২) দিব্যাংগসকলৰ বাবে সর্বশ্রেষ্ঠ। নিয়োগকর্তা (৩) দিব্যাংগসকলৰ বাবে সৰ্বশ্রেষ্ঠ প্লেচমেন্ট এজেন্সী (৪) সুগম ভাৰত অভিযান

কাৰ্যকৰীকৰণ/বাধামুক্ত পৰিবেশ সৃষ্টি কৰাত সৰ্বশ্ৰেষ্ঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য/জিলা, (৫) সর্বশ্রেষ্ঠ সুগম যাতায়তৰ আহিলা/তথ্য আৰু প্ৰচাৰ প্ৰযুক্তি (৬) দিব্যাংগসকলৰ বাবে অধিকাৰ অধিনিয়ম/বিশেষ দিব্যাংগতা পৰিচয় পত্ৰ আৰু দিব্যাংগ সবলীকৰণৰ অন্য পৰিকল্পনাৰ কাৰ্যকৰীকৰণত সৰ্বশ্ৰেষ্ঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য/জিলা, (৭)দিব্যাংগসকলৰ অধিকাৰ অধিনিয়ম নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য অঞ্চলত কাৰ্যকৰীকৰণত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যিক দিব্যাংগজন আয়ুক্ত (৮) পুনঃবাস সেৱাসমূহৰ বাবে পেছাদাৰী প্ৰস্তুত কৰা সৰ্বশ্ৰেষ্ঠ সংস্থা (৯) অতিৰিক্ত বঁটাসমূহ- ৰাষ্ট্ৰীয় নির্বাচক সমিতিৰ দ্বাৰা নিজ বিবেক অধিকাৰ অনুসৰি উপৰোক্তসমূহৰ ভিতৰত যিকোনো এটা শ্ৰেণী বা দুটা শ্ৰেণীত নির্বাচিত। উল্লেখ্য যে অনলাইন মনোনয়ন বা আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ আগষ্ট ।

উল্লেখযোগ্য যে প্রতিবছৰে ৩ ডিচেম্বৰত পালন কৰা আন্তর্জাতিক দিব্যাংগ দিৱসৰ দিনটোতে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ।