মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ ; অ’.এন.জি.চি.ৰ সমস্ত ভূমি অইললৈ স্থানান্তৰৰ অনুৰোধ

pc-twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাপ্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ ; ‘.এন.জি.চি.ৰ সমস্ত ভূমি অইললৈ স্থানান্তৰৰ অনুৰোধ

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু অ’.এন.জি.চি. এন.এছ.ই.ৰ সমস্ত ভূমি ১.৮৭% অইল এন.এছ.ই. ১.৭১% ইণ্ডিয়া লিমিটেড (অইল)লৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে নামৰূপত সাৰ উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়েও আলোচনা কৰিছিল।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অ’এনজিচিৰ উৎপাদন আশা কৰা মতে হোৱা নাই আৰু আমি ৰাজহহে হেৰুৱাই আছো। আমি অসমত অ’এনজিচিৰ চোৱাচিতা কৰিবলৈ সমগ্ৰ ভূমি অইল বা এক বিশেষ উদ্দেশ্যৰ বাহনলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিছো।” তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰীয়ে মোক কৈছে যে এই সন্দৰ্ভত অধিক আলোচনা কৰা হ’ব। যিহেতু নামৰূপ সাৰৰ তৃতীয় একক সমস্যাৰ সন্মুখীন হৈ আছে, তাত নেনো ইউৰিয়া ইউনিট স্থাপন কৰাৰ বাবে বিবেচনা কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰীয়ে মোক এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াক লগ কৰিবলৈ কৈছিল।”

(UD.)