মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে “দীনদয়াল উপাধ্যায় ৰচনা সমগ্ৰ”

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে “দীনদয়াল উপাধ্যায় ৰচনা সমগ্ৰ”

ৰঙিলী বাৰ্ত্তাসেৱা-ভাৰতবৰ্ষৰ বৌদ্ধিক ঐতিহ্যৰ আলোক স্তম্ভ স্বৰূপ যুগ পুৰুষ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অমূল্য ৰচনা সমগ্ৰৰ অসম প্ৰকাশন পৰিষদে অসমীয়ালৈ কৰা ১৫ টা খণ্ডৰ অনুবাদ গ্ৰন্থ সম্ভাৰ আজি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ আগ্ৰহ আৰু তৎপৰতাত প্ৰকাশন পৰিষদে “দীনদয়াল উপাধ্যায় ৰচনা সমগ্ৰ” শীৰ্ষকেৰে ছপা কৰি উলিওৱা এই গ্ৰন্থ সম্ভাৰত সন্নিৱিষ্ট হৈছে প্ৰবাদপ্ৰতিম পণ্ডিতজনাৰ “একাত্ম মানৱ দৰ্শন”ৰ তত্বৰে ৰচনা কৰা বহু ঐতিহাসিক নিবন্ধ আৰু বিভিন্ন স্থানত প্ৰদান কৰা চিন্তা গধুৰ ভাষণাৱলী ৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সৃষ্টিৰাজী আৰু ভাষণাৱলীক একত্ৰিত কৰি ড° মহেশ চন্দ্ৰ শৰ্মাই হিন্দী ভাষাত সম্পাদনা কৰা গ্ৰন্থৰ পৰা এয়া অসমীয়ালৈ অনুবাদ কৰা হৈছে৷ বিয়লি ৪ বজাত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ১৫টা খণ্ডৰ এই গ্ৰন্থলানি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে৷