মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰিত সময়ত দিলে উত্তৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।নিৰ্বাচনী সভাত বিভিন্ন আঁচনি তথা আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰা বুলি অভিযোগ দাখিল কৰিছিল নিৰ্বাচন আয়োগক।নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ নিৰ্ধাৰিত সময়ত দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷নিৰ্বাচনী প্ৰচাৰত নতুন আঁচনিৰ ঘোষণাৰ কথা কোৱা নাই বুলি জনালে হিমন্ত বিশ্ব শৰ্মাই৷বাজেট ভাষণত সকলো উল্লেখ আছে, জন উন্নয়নৰ বাবে কথাবোৰ দোহাৰিলে বুলি জনালে মুখ্যমন্ত্ৰীয়ে৷কিবা যদি ভুল হৈছে বিনাচৰ্তে নিৰ্বাচন আয়োগক ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷উল্লেখযোগ্য যে,পৰৱৰ্তী কালত নিৰ্বাচনী আচৰণবিধি কঠোৰভাৱে পালন কৰিবলৈ ড° শৰ্মাক নিৰ্বাচন আয়োগৰ নিৰ্দেশ৷