মুখ্যমন্ত্ৰীৰ পত্নীৰ ১০কোটি টকা ৰাজ সাহায্য লাভৰ বিষয়টো তদন্তৰ কৰাৰ দাবী আপৰ

মুখ্যমন্ত্ৰীৰ পত্নীৰ ১০কোটি টকা ৰাজ সাহায্য লাভৰ বিষয়টো তদন্তৰ কৰাৰ দাবী আপৰ

ৰঙিলী বাৰ্ত্তাসেৱা– অৰুণোদয় আঁচনিৰ নামত ৰাজ্যৰ মহিলা সকলক হিতাধিকাৰী সজাই ১২৫০ টকা প্ৰদান কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানৰ নামত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ নামত approve হৈছে ১০কোটি টকা। যি সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলা সকলক স্বাৱলম্বী হ’বলৈ ১০হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পত্নী উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ বাবে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ১০ কোটি টকাৰ ৰাজ সাহায্য। ১০হাজাৰ টকাৰে এগৰাকী মহিলা কিদৰে স্বাৱলম্বী হ’ব পাৰে। ১০হাজাৰ টকা ক’ত বিনিয়োগ কৰিলে এগৰাকী মহিলা স্বাৱলম্বী হ’ব পাৰে বুলি মন্তব্য কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই কয় যে – মুখ্যমন্ত্ৰীৰ পত্নীয়ে কাঞ্চনজুৰিত কৰাৰ দৰে ১০হাজাৰ টকাত এগৰাকী শিপিনিয়ে সূতা কিনি তাঁত-শাল লগাই উপাৰ্জন কৰিবলৈ সক্ষম হ’ব নোৱাৰে। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মহিলা সকলৰ ভোট লাভ কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল। নিৰ্বাচনৰ সময়ত বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে বন্ধনৰ সকলো ঋণ পৰিশোধ কৰিম বুলি বাৰে বাৰে কৈছিল ৷কিন্ত সময়ত মুঠ বাৰ হেজাৰ কোটি টকাৰ মাত্ৰ এহেজাৰ ছশকোটিহে ঋণৰ টকা মোকলাই দিয়া বুলি প্ৰকাশ যদিওঁ ৷বহু মহিলাই এটকাৰ চেকো লাভ কৰা বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে ৷ প্ৰকৃতাৰ্থত মহিলা সকলক স্বাৱলম্বী কৰাৰ কোনো আঁচনি নাই চৰকাৰৰ। মাইক্ৰো ফাইনেন্সৰ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়া ঋণ লোৱা মহিলালৈ ঋণ পৰিশোধ কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে বন্ধন বেংকে। প্ৰতিশ্ৰুতি অনুসৰি এই সকল মহিলাৰ ঋণ সমুহ পৰিশোধ কৰক চৰকাৰে। এই দাবী কৰে আম আদমি পাৰ্টীয়ে৷ উক্ত সংবাদ মেলত উপস্থিত থাকে আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা , আপৰ মিডিয়া পেনেলিষ্ট ক্ৰমে পুনম গগৈ আৰু আৰতি দেৱী ৷