মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কঠোৰ হৈছে শিক্ষা বিভাগ

Pc The Sentinel Assam

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কঠোৰ হৈছে শিক্ষা বিভাগ

ৰঙিলী বাৰ্ত্তাসেৱা- মেট্ৰিক পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা পৰিলক্ষিত হোৱাৰ পাছতে কঠোৰ স্থিতি গ্ৰহণ শিক্ষা বিভাগৰ।শিক্ষকতাৰ লগতে এল আই চিৰ এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে শিক্ষা বিভাগ।শিক্ষকৰ চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ সদস্যৰ নামত এজেণ্ট হৈ এল আই চিৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষক-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে জাননী জাৰি কৰিছে।এই জাননী জাৰি কৰাৰ কেইদিনমান পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বীমাৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষকক লক্ষ্য কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।ইয়াৰ পাছতেই এতিয়া পৰ্যায়ক্ৰমে শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে,এল আই চিৰ এজেন্ট হিচাপে কৰ্মৰত ১১গৰাকী শিক্ষকক চিনাক্ত কৰা হৈছে।১১গৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী মাধ্যমিক শিক্ষা সঞ্চালকৰ।কৰ্তব্যত গাফিলতিৰ অভিযোগত ১১ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি শিক্ষা বিভাগৰ।দুগৰাকী শিক্ষক কামৰূপ জিলাৰ, ৯ গৰাকী শিক্ষক বাক্সাৰ।দুখন জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।আটাইকেইগৰাকী শিক্ষকৰে প্ৰাৰম্ভিক শুনানি সম্পন্ন।শিক্ষা বিভাগৰ শুনানিত লিখিতভাবে ক্ষমা ভিক্ষা ১১ গৰাকী শিক্ষকৰ।ক্ষমা পত্রকো অভিযোগৰ তথ্য-প্রমাণ হিচাপে গণ্য শিক্ষা বিভাগৰ।