মুক্তহত্যাৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মা: লুৰীণ

মুক্তহত্যাৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মা: লুৰীণ

ৰঙিলী বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অসমত মুক্তহত্যাৰ পৰিৱেশৰ সূচনা হৈছে৷ প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত চলা গুপ্ত হত্যাৰ আৰ্হিত এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰক্ষীৰ জৰিয়তে অসমত মুক্ত হত্যা আৰম্ভ কৰিছে৷ – এই বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নগাঁৱৰ গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ স্বাস্থ্যৰ বুজ লবলৈ যোৱা গগৈয়ে কয় যে অসমত ভয় আৰু ত্ৰাসৰ এটা পৰিৱেশ বৰ্তাই ৰখাৰ বাবেই এনেদৰে চৰকাৰে সামান্য কথাতে নিৰীহ লোকক গুলীওৱাৰ কৌশল অৱলম্বন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত আৰক্ষী বিষয়াসকলক মাতি আনি ‘এনকাউন্টাৰৰ বিশেষ পেটাৰ্ণ’ চলোৱাৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে আৰক্ষীয়ে বিশেষকৈ ছাত্ৰ আৰু যুৱকসকলক যে টাৰ্গেট কৰি লৈছে সেই কথা ইতিমধ্যে পৰিষ্কাৰ হৈ পৰিছে৷ ডিব্ৰুগড়ত ছাত্ৰনেতাক বিনা দোষত প্ৰহাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত এনেদৰে ছাত্ৰ-যুৱক আৰক্ষীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ঘটনা ঘটিয়ে আছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে মূলতঃ প্ৰতিবাদী সত্বাসমূহক নিঃশেষ কৰি চৰকাৰৰ জনবিৰোধী কাৰ্যৰ যাতে বিৰোধিতা কৰিবলৈ কোনেও সাহস কৰিব নোৱাৰে, তাৰ কৌশল হিচাপে আৰক্ষীৰ দ্বাৰা এনে ত্ৰাসৰ ৰাজত্ব চলোৱা হৈছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মুক্তহত্যাৰ মহানায়ক আখ্যা দি গগৈয়ে লগতে কয়, ‘‘মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমত এতিয়া পুলিচৰাজ চলি আছে৷ এনেকুৱা ঘটনাৰ আশংকা আমি আগতেই ব্যক্ত কৰিছিলো৷ আমি কৈছিলো যে দোষীক শাস্তি দিব আদালতে৷ আইনী বিধি-ব্যৱস্থাক নস্যাৎ কৰি আৰক্ষীৰ জৰিয়তে এনকাউন্টাৰেৰে শাস্তি দিয়াৰ এই প্ৰৱনতাৰ পৰিণতি অতি ভয়াৱহ৷ আজি আমি চকুৰ আগত তাৰ প্ৰমাণ পালো৷”
উল্লেখযোগ্য যে আজি দুপৰীয়া গগৈৰ নেতৃত্বত জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ কীৰ্তিকমল ভূঞাৰ স্বাস্থ্যৰ বুজ লয়৷ প্ৰতিনিধি দলটোত আছিল দলৰ সম্পাদক অমৃৎ খাটনীয়াৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক অমিতাভ বৰঠাকুৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শিশিৰ কলিতা আদি নেতা৷ আহত ছাত্ৰনেতাজনৰ ক’ভিড হোৱা বুলি হাস্পতাল কৰ্তৃপক্ষই দাবী কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিনিধি দলটোৱে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক সাক্ষাৎ কৰে আৰু ছাত্ৰনেতাজনৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নহয় তাৰ প্ৰতি সচেষ্ট হ’বলৈ আহ্বান জনায়৷ প্ৰতিনিধি দলটোৱে চিকিৎসাধীন ছাত্ৰনেতাজনৰ পৰিয়ালৰ লোকসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত মাত মাতি যোৱাৰ অংগীকাৰ ব্যক্ত কৰে৷সংবাদ মাধ্যমৰ আগত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নগাঁৱৰ গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে৷ তেওঁ কয় যে যিহেতু উক্ত ঘটনা চৰকাৰী ‘ডিজাইন’ অনুসৰি সংঘটিত হৈছে, গতিকে চৰকাৰী বিষয়াৰ দ্বাৰা নিৰপেক্ষ তদন্ত হ’ব বুলি আশা কৰিব নোৱাৰি৷ গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ উক্ত ঘটনাৰ তদন্ত কৰোৱাব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে৷