মিনতি – ইকবাল হুছেইন

PC- istock

মিনতি

-ইকবাল হুছেইন, মৈৰাবাৰী 

হে প্ৰভু দয়াময় তুমি ৰহমান আল্লাহ তুমি ৰহমান, অসীম কৰুণাময় তুমি মেগেৰবান আল্লাহ তুমি মেহেৰবান।

হে আল্লাহ কৰুণাময় কৰুণানিধি তুমিয়েই জগতৰ পালনহাৰ। অপাৰ মহিমাৰে মহিমামণ্ডিত তুমিয়েই বিশ্বভূমণ্ডল সৃজন কাৰীকৰী। জগত কল্যানী তুমি তোমাৰ অপাৰ কুদৰতৰ দ্বাৰা ৰচিলাঁ এই মায়াবী সংসাৰ।

হে প্ৰভু কৃপাময় আমি মানৱ জাতি কেৱল তোমাৰেই কৃপাৰ আশাবাদী। তোমাৰ মায়া অবিহনে জীৱকুলৰ জীৱন বৃথা।

হে মহামহিম পৰমেশ্বৰ, তুমিয়েই আল্লাহ, তুমিয়েই খোদা তুমিয়েই সৰ্বশক্তিমান। তুমি তোমাৰ ঐশ্বৰিক শক্তিৰ দ্বাৰা আমাক কৰা হেফাজত। আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ হেফাজত কৰা। আমাৰ প্ৰাণপ্ৰিয় ভাৰতবৰ্ষৰ হেফাজত কৰাৰ লগতে ভাৰতবৰ্ষৰ কল্যান সাধন কৰা। আমাৰ দেশ ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠা কৰা। পৰস্পৰৰ মাজত একতা, বিশ্বাস, সমন্বয়, সম্প্ৰীতি তথা অনুভূতিৰ ভাৱ জগাই তোলা। হিংসা, ঘৃণা, বিদ্বেষ, জাতিগত শত্ৰুতাৰ পৰা ভাৰত তথা ভাৰতবাসীক ৰক্ষা কৰা। প্ৰতিজন ব্যক্তিক (সংবিধান প্ৰদত্ত) নিজ নিজ ধৰ্ম পালন কৰি যাবলৈ আৰু ধৰ্ম মতে চলিবলৈ তৌফিক দান কৰা। অলী, আওলিয়া তথা ঋষি মুনিৰ পূন্যভূমি ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক “বসুধৈব কুটুম্বকম” নীতি মানি চলিবলৈ শক্তি দিয়া। ধৰ্ম, সমাজ আৰু ৰাষ্ট্ৰ পৰিচালনা কৰা বৰমূৰীয়া সকলক নিৰপেক্ষ হবলৈ সুমতি দিয়া।

শেষত দেশত সু-শাসন বা আইনৰ শাসন কায়েম হওঁক আৰু শাসক পক্ষই ৰাজধৰ্ম পালন কৰক তোমাৰ ওচৰত এই মিনতি মোৰ।