মাৰ্কিন সেনাৰ আইছিছৰ ঘাটিত দ্ৰোণ আক্ৰমণ

pc- DAWN

মাৰ্কিন সেনাৰ আইছিছৰ ঘাটিত দ্ৰোণ আক্ৰমণ

অনলাইন বাৰ্ত্তাসেৱা- আফগানী আইছিছৰ ঘাটিত মাৰ্কিন সেনাই কাবুল বিমানবন্দৰত সংঘটিত কৰা আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিশোধত দ্ৰোণ আক্ৰমণ কৰে। গভীৰ আন্ধাৰ ভেদি আফগানী আইছিছৰ ঘাটি হিচাপে চিহ্নিত নাংগাৰহাত প্ৰদেশত মাৰ্কিন দ্ৰোণ বিমানে ধাৰাসাৰে নিক্ষেপ কৰা বোমাই বিধ্বস্তকৰিলে প্ৰদেশখনৰ ভিন্ন প্ৰান্তত থকা আইছিছৰ ঘাটিসমূহ। মাৰ্কিন সেনাৰ চেণ্ট্ৰেল কমাণ্ডোৰ মুখপাত্ৰ কেপ্টেইন বিল আৰ্বানে আফগানী আইছিছ-কেৰ ঘাটিত দ্ৰোণ বিমানৰ দ্বাৰা চলোৱা এই আক্ৰমণত কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী বিস্ফোৰণৰ মূল পৰিকল্পনাকাৰীসকল নিহত হোৱা বুলি দাবী কৰে। মাৰ্কিন কেপ্টেইন বিল আৰ্বানে স্পষ্ট কৰি কয় যে আমেৰিকান দ্ৰোণ বিমানে সঠিক লক্ষ্যত অব্যৰ্থ আঘাত হানিছে। মাৰ্কিন দ্ৰোণৰ পৰা নিক্ষেপিত বোমাই নাংগাৰহাৰ আইছিছ-কেৰ ঘাটি বিধ্বস্ত কৰি সন্ত্ৰাসবাদী সংগঠনটোৰ কুখ্যাত কমাণ্ডেণ্টসকলক নিহত কৰিছে যদিও এই আক্ৰমণত কোনো নিৰীহ অসামৰিক লোক আক্ৰমণত নিহত হোৱা নাই বুলি নিশ্চিত কৰে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডোৰ মুখপাত্ৰগৰাকীয়ে। এই আক্ৰমণত কোনো নিৰীহ অসামৰিক লোক নিহত হোৱানাই বুলি মাৰ্কিন সেনাই দাবী কৰিলেও জালালাবাদত কমেও তিনিজন অসামৰিক লোক নিহত আৰু চাৰিজন াহত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

 

(RT)