মাহে ৰমজান- এছ ইছলাম

Pc Indiatimes.com
মাহে ৰমজান
              এছ ইছলাম, শিক্ষক
               পঃমইনবৰী,বৰপেটা
আহিছে মাহে ৰমজান
চিত্তশুদ্ধি কৰা হে মুছলমান
ৰমজানে ষড়ৰিপু কৰিব দমন
বৰ্ণিত আল্লাহৰ কোৰ-আন।
গোটেই দিনটো উপবাসে
দিল দৰিয়াৰ ভক্তি ৰসে
উন্মত্ত প্ৰেমত আল্লাহৰ
বিভূষিত মেহমান স্বৰ্গৰ।
পঞ্চ ইন্দ্রিয়ৰ সবলীকৰণ
পঞ্চ আত্মাৰ মুক্তি সাধন
বহিঃ উপসৰ্গৰ নিৰ্মূলকৰণ
 প্ৰাপ্ত চিত্তৰ যোগ সাধন।
কৰা মুমিন হৃদয়ঙ্গম
মানৱ জাতি ভাতৃসম
সৰ্বজাতি স্বজাতি প্ৰতীম
মানৱতাৰ মহান ঐক্যতান।
মাহে ৰমজানৰ ফৰমান
নেথাকে কোনেও কৃপণ
 ঐশ্বৰ্যশীলতাৰ মহাদান
নিঃকিনৰ অৰ্থ গ্ৰহণ।