মানৱ ৰূপী দানৱ
নিবেদিতা হাজৰিকা,লখিমপুৰ
মানুহক ‘জীৱ শ্ৰেষ্ঠ’ বুলি অভিহিত কৰাটো বহু সময়ত ভুল প্ৰমাণিত হৈ আহিছে কিছুমান মানুহৰ কু-কৰ্মৰ বাবেই। বৰ্তমান সময়ত মানুহৰ জীৱনৰ পৰা যেন কবিতা , সুকুমাৰ কলা আদি বিষয়বোৰে মেলানি মাগিছে।তাৰ ঠাই অধিকাৰ কৰিছে হিংসা, নাৰী মাংসৰ সোৱাদৰ প্ৰৱনতা তথা লোলুপতাই। মানুহৰ মাজত শিক্ষিতৰ সংখ্যা বৃদ্ধি পাইছে সঁচা, কিন্তু ইতৰ প্ৰাণীৰ পৰ্যায়ৰ পৰা মানুহ আজিও সম্পূৰ্ণ মুক্ত হ’ব পৰা নাই। মানুহৰ পৰা অমানুহ হোৱাৰ বাটটো যেন চমু হৈ পৰিছে।মানুহৰ মনৰ পৰা ভগৱানৰ প্ৰতি ভয় ,পাপ কৰ্মৰ প্ৰতি ভয় নোহোৱা হৈছে। মানুহৰ মনৰ পৰা মানৱতা নোহোৱা হৈছে। হিংসা, জিঘাংসা,প্ৰতিশোধ আদি ভাৱ সমূহে ঘৰ বান্ধিছে।।মানুহ ৰূপী নৰ পিশাচৰ হাতত আজিৰ তাৰিখলৈ কিমানে প্ৰাণ হেৰুৱাব লগা হৈছে, কিমান যুৱতী গণ ধৰ্ষণৰ বলি হ’ব লগা হৈছে ঠিক নাই।তেজ খোৱা, নৰখাদক বুলি যে কয় ইহঁত বোৰকেই কয়।যি পৈশাচিক আনন্দ, বিকৃত আনন্দ লাভৰ বাবে,অতৃপ্ত যৌন ক্ষুধা লাভৰ বাবে এনে চৰম, অমানৱীয় পন্থা অৱলম্বন কৰে।জংঘলী, অমানুহ , দানৱৰ হাতত প্ৰাণ বিসৰ্জন দিয়া সেই নি:সহায় অৱস্থাৰ কথা বা ঘটনাৰ বিষয়ে শুনিলে অন্তৰামা কঁপি উঠে।পোক -পৰুৱাৰ দৰে, নি:সংকোচে মানুহ মাৰিব পৰা হ’ল। হায়! মৃত্যু যে এতিয়া সহজ। এনে সমূহ কাৰ্য নহয়। ই অপকৰ্ম,দুঃকাৰ্য । এইবোৰ গৰিহনাৰ হে যোগ্য। সমৰ্থনৰ যোগ্য নহয় ।ঘৰৰ বা পৰৰ বুলি কথা নাই, দোষীয়ে শাস্তি পাব লাগে।অপৰাধীয়ে দৃষ্টান্ত মূলক শাস্তি পাৱ লাগে। যি কৰ্মই সামাজিক পৰিৱেশ বিনষ্ট কৰিছে বা কৰে। অমানুহে ভৰি থকা, ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা অমানুহৰ দানৱ ৰূপী কাৰ্যই সকলোকে ভবাই তুলিছে।এনেবোৰ দুঃসংবাদে বুকুত হাহাকাৰৰ সৃষ্টি কৰে।মন ছটফটাই উঠে।মানুহ কেনেকৈ ইমান অমানুহ হ’ব পাৰে? কাৰ ঘৰৰ সন্তান এইবোৰ ইমান উগ্ৰ, ইমান নিষ্ঠুৰ , পাশৱিক মনৰ, আসুৰিক প্ৰবৃত্তিৰ , পৈশাচিক আনন্দত মত্ত !