মানৱাধিকাৰকৰ্মী ফাডাৰ ষ্টেন স্বামীক ‘মাছ’ৰ স্মৰণ

মানৱাধিকাৰকৰ্মী ফাডাৰ ষ্টেন স্বামীক ‘মাছ’ৰ স্মৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰদ্ৰোহৰ ভূৱা অভিযোগত গ্ৰেপ্তাৰ হৈ ন্যায়িক জিম্মাতে মৃত্যুবৰণ কৰা ৰাষ্ট্ৰৰোষৰ বলি ঝাৰখণ্ডৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ,আদিবাসী নেতা ফাদাৰ ষ্টেন স্বামীক আজি তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ স্মৰণ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে৷উল্লেখযোগ্য যে ভাৰতৰ গণতান্ত্ৰিক অধিকাৰৰ সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানমৰ্মে আজি অসম তথা উত্তৰপূৰ্বাঞ্চলকে ধৰি ভাৰতৰ প্ৰায়বোৰ মানৱাধিকাৰ সংগঠনে মানৱাধিকাৰ কৰ্মী তথা আদিবাসী নেতা ফাডাৰ ষ্টেন স্বামীৰ প্ৰথম মৃত্যু দিৱস পালন কৰে৷গুৱাহাটীৰ বামুনীমৈদামৰ জ্যোতি নগৰস্থিত ’মাছ’ৰ কেন্দ্ৰীয় কাৰ্যালয়ত ’মাছ’এ আয়োজন কৰা স্মৰণ কাৰ্যসূচীত প্ৰয়াত ষ্টেনস্বামীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে স্মৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে ’মাছ’ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে আৰু মাল্যাৰ্পণ কৰে অধ্যক্ষ আদিত্য লহকৰে৷’মাছ’ৰ সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই উদেশ্য ব্যাখ্যাৰে আঁত ধৰা এই স্মৰণ অনুষ্ঠানৰ লগতে ’মাছ’ৰ অধ্যক্ষ আদিত্য লহকৰৰ সভাপতিত্বত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷’মাছ’ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে কয় যে চৰকাৰে শাসকক সমালোচনাৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি লৈছে আৰু মানৱাধিকাৰৰ পক্ষলৈ চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰা মানৱাধিকাৰকৰ্মী আৰু গণতান্ত্ৰিক শক্তিৰ কণ্ঠ ৰোধ কৰি অঘোষিত ৰূপত জৰুৰী অৱস্থাৰ সময়ৰ কলা শাসন চলাইছে৷ এই পৰিস্থিতিত গণতন্ত্ৰৰ পক্ষত থকা কোনোৱে নীৰৱ দৰ্শক হৈ থাকিব নোৱাৰে৷সভাত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজকুমাৰ বৈশ্য,আঞ্চলিক গণ মৰ্চাৰ সম্পাদক প্ৰনৱ চেতিয়া,’মাছ’ৰ উপদেষ্টা কমল বৰা,সাংবাদিক হেমন্ত কলিতা,সন্মিলিত ঐক্য মঞ্চৰ সাংগাঠনিক সম্পাদক জ্যোতিময় ভৰালী,বুধেন বৰা আদিয়ে বক্তব্য ৰাখে৷