মানৱতাই হৈছে এজন প্ৰকৃত মানুহৰ ধৰ্ম – অনামিকা দাস

মানৱতাই হৈছে এজন প্ৰকৃত মানুহৰ ধৰ্ম
অনামিকা দাস, বৰপেটা
হিংসাৰ সলনি হিংসা নহয় ।
অন্যায়ৰ সলনি অন্যায় নহয় ।
যদি আপুনিও একেই আচৰণ কৰে সেই ব্যক্তিজনৰ দৰে যিয়ে আপোনাক হিংসা কৰে,অন্যায় কৰিবলৈ চেষ্টা কৰে । তেতিয়াহ’লে আপোনাৰ আৰু সেই ব্যক্তিজনৰ মাজত কোনো পাৰ্থক্য নাথাকিল ।হিংসা, জেদ, খং, অহংকাৰ এইবোৰ যদি আপুনি মনত বাস কৰিব দিয়ে,এদিন এইবোৰে আপোনাক ধ্বংস কৰি পেলাব । আপুনি গমেই নাপাব যে আপোনাৰ জীৱনটো কিয় এনেকুৱা হ’ল । সেয়ে পাৰিলে এইবোৰ আপুনি মনৰ পৰা ত্যাগ কৰক । প্ৰেম সেইখন সাগৰ তাৰ পানী কেতিয়াও শুকাই নাযায়। পাৰিলে আপুনি সকলোৰে মাজত মৰমবোৰ বিলাই যাওঁক, দেখিব আপোনাৰ মনত এদিন শান্তি বিৰাজ কৰিব । আনক হিংসা কৰি, আনৰ অন্যায় কৰি আপুনি উন্নতিৰ জখলা বগাব নোৱাৰে, আৰু আনৰ পৰা একো কাঢ়ি আনিব নোৱাৰে । সেয়ে আনৰ প্ৰতি হিংসা কৰা স্বভাৱটো ত্যাগ কৰক । আপুনি কষ্ট কৰক । তাৰ ফল এদিন ভগৱানে আপোনাক নিশ্চয় দিব । অহংকাৰে যেনেকৈ পতনৰ মূল,ঠিক তেনেকৈ ক্ৰোধে বিনাশৰ মূল । যেতিয়া মানুহৰ মনত ক্ৰোধে বাস কৰিব লয়,তেতিয়া মানুহৰ জ্ঞান আৰু বুদ্ধি হেৰাই যায় আৰু এদিন নিজৰ ধ্বংস নিজে মাতি আনে । আপুনি যদি এই  দুটা ত্যাগ কৰিব পাৰে, এদিন সকলোৰে মাজত এটা উজ্বল নক্ষত্ৰ হৈ সদায় জিলিকি ৰ’ব । এই পৃথিৱীখনত আহিছো কি লৈ যামেই বা কি লৈ ? বিশাল সাম্ৰজ্যৰ পাহাৰ এখন গঢ়িলেও এদিন খালী হাত লৈয়ে পৃথিৱীখনৰ পৰা বিদায় ল’ব লাগিব । তেতিয়াহ’লে কিহক লৈ ইমান অহংকাৰ ? কিহক লৈ ইমান খোৱা কামৰা ? আপোনাৰ তাত যি আছে তাকেই লৈ শান্তিত থাকিব শিকক । আপোনাৰ তাত যি আছে হয়তো আনৰ তাত সেইখিনি ও নাথাকিব পাৰে । নিজৰ উন্নতি কৰিব বিচৰাটো বেয়া কথা নহয়,পাৰিলে আপুনি কষ্ট কৰি সকলো উপাৰ্জন কৰক । কিন্তু সৎ পথত থাকি, আনক হিংসা কৰি, আনৰ অন্যায় কৰি আপুনি একো উপাৰ্জন কৰিব নোৱাৰে । আৰু কৰিলেও সেইবোৰ স্থায়ী হৈ নাথাকে,এদিন হেৰাই যাব  । আপুনি অন্যায় কৰি ধন উপাৰ্জন ঠিকেই কৰিব,কিন্তু এদিন সেই পাপবোৰে আপোনাক খেদি ফুৰিব । মৃত্যুৰ পিছত আমি ইয়াৰ ফল ভোগ কৰিম তেনেকুৱা বুলি একো কথা নাথাকে, আমি যি কৰো তাৰ ফল আমি সকলোৱে জীয়াই থাকোতেই পাম । তাৰ ফল আমি সকলোৱে ইয়াতেই ভোগ কৰিব লাগিব । কষ্টৰে ধন উপাৰ্জন কৰিলে হয়তো তাত বিলাসিতা কম থাকিব পাৰ,কিন্তু তাত আপুনি শান্তি বিচাৰি পাব,তাত আপুনি সুখ বিচাৰি পাব । সহজ পথত গৈ অন্যায় কৰি যদি ধন উপাৰ্জন কৰে, এদিন আপুনি তাৰ ফল বৰ বেয়াকৈ ভোগ কৰিব লাগিব । সেয়ে পথ যদিও কঠিন আপুনি সদায় সৎ পথেৰে যাবলৈ চেষ্টা কৰক । আনৰ প্ৰতি থকা ক্ৰোধ, হিংসা এইবোৰ ত্যাগ কৰক । আনক অন্যায় কৰি ধন উপাৰ্জন কৰা মনোভাব ত্যাগ কৰক । আমি সকলোৱে মানুহ, সেয়ে মানুহৰ আচৰণ কৰি মানুহ হৈ থাকিবলৈ চেষ্টা কৰা উচিত ।